YouTube video

গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ চহৰৰ মাজমজিয়াৰ বিশৃংখল অৱস্থাই দুৰ্ভোগ ভোগাইছে ৰাইজক।

ক’ভিডকালীন পৰিস্থিতিৰ বাবে সাপ্তাহিক আৰু অৰ্ধসাপ্তাহিক বজাৰ সমূহ জিলা প্ৰশাসনে বন্ধ কৰি ৰখাৰ পিছৰে পৰা পাচলি বজাৰ বহিছে গোৰেশ্বৰৰ মুখ্য পথত ।

পাচলি বজাৰখনৰ বাবে এতিয়া পথটোত তীব্ৰ যান-জঁট আৰু চহৰখনত পাৰ্কিঙৰ সমস্যাই দেখা দিছে। সামাজিক দূৰত্ব বা ক’ভিড প্ৰ’টকল ধোঁৱাচাঙত তুলি পুৱাৰে পৰা বজাৰখনত এক মেলা সদৃশ পৰিৱেশ।

লগতে পঢ়কঃছিপাঝাৰৰ দুমুনিচকীত ব্ৰাউনচুগাৰ জব্দ

সেয়েহে শৃংখলাবদ্ধ ভাৱে যাতে স্থানীয় ৰাইজে বজাৰ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা কৰিবলৈ গোৰেশ্বৰ পৌৰ সভা আৰু স্থানীয় প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সাধাৰণ ৰাইজে।

ইপিনে দিনে নিশাই এইটো পথেৰে চলি থকা শিল বালি কঢ়িয়াও ডাম্পাৰ সমূহক নিয়ন্ত্ৰণ কৰি এই ক্ষেত্ৰত শীঘ্ৰেই এক সঠিক সিদ্ধান্ত গ্ৰহণ কৰি চহৰখন শৃংখলিত কৰাৰ লগতে যানজটঁৰ সমস্যা সমাধান কৰিবলৈ ৰাইজে প্ৰশাসনক দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply