গোৰেশ্বৰঃ কামৰূপ জিলাৰ পূব জয়কুছি বুঢ়া গোসাঁইঘৰ প্ৰাংগণত অঞ্চলটোৰ অপেশাদাৰী শিল্পী আৰু নাট্যশিল্পীসকলৰ উপস্থিতিত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সম্পূৰ্ণ ক’ভিড প্ৰট’কল অনুযায়ী জ্যেষ্ঠ নাট্য শিল্পী হাচিৰাম বড়োৰ পৰিচালনাত অনুষ্ঠিত সভাত মুখ্যপৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয়।

গিৰিধৰ ৰয়ে নাট্য সন্মিলনৰ সংবিধানৰ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰাৰ উপৰিও নাট্য আন্দোলনটো গ্ৰাম্যাঞ্চলৰ একেবাৰে ভিতৰুৱা ঠাইলৈকে নিব লাগিব বুলি উল্লেখ কৰে।

সভাৰ মুখ্য আহবায়ক নগেন্দ্ৰ নাথ বড়াই নাট্য সন্মিলনৰ শাখা গঠনৰ জৰিয়তে এলেকাটোৰ প্ৰতিভাৱান নাট্য শিল্পীসকলক সমাজৰ মাজলৈ উলিয়াই আনিবলৈ আহবান জনায় ।

উক্ত সভাত সৰ্বসন্মতিক্ৰমে হাচিৰাম বড়োক সভাপতি আৰু নগেন্দ্ৰ নাথ বড়াক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ২১জনীয়া সমিতি গঠন কৰি অসম নাট্য সন্মিলনৰ পাতিদৰং শাখাটো গঠন কৰা হয়।

আৰু পঢ়কঃযোৰহাটত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ জিলা প্ৰশাসনৰ

উক্ত প্ৰতিনিধিত্বমূলক সভাৰ পিছতেই অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গিৰীন চন্দ্ৰ ডেকাৰ পৰিচালনাত এখন মুকলি সভা অনুষ্ঠিত হয় ৷

সভাত স্থানীয় কেইবাজনো জ্যেষ্ঠ শিল্পী সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বড়ডাঙেৰীকুছি গাঁওপঞ্চায়তৰ প্ৰাক্তন সভাপতি হেমন্ত ডেকাই পাতিদৰং মৌজাক সামৰি অসম নাট্য সন্মিলনৰ শাখা গঠন কৰাত নিজকে ধন্য মনা বুলি কোৱাৰ উপৰিও কেইবাটাও পৰামৰ্শ আগবঢ়োৱাৰ উপৰিও অনাগত দিনত তেওঁৰ ফালৰ পৰা পাৰ্যমানে সহায়ৰ হাত আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply