গোৰেশ্বৰঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত হাজলপাৰা গাৱঁৰ পৰা মহিলা সন্ধানহীন। এটি তিনিবছৰীয়া কন্যা শিশুৰ মাতৃ কল্যাণী ডেকা(২৫) যোৱা ১৭ফেব্ৰুৱাৰী সন্ধিয়াৰ পৰা স্বামী গৃহৰ পৰা সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।
কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ দুৰ্ভগীয়া স্বামীৰ। ইতিমধ্যে মহিলাগৰাকীৰ স্বামীয়ে গোৰেশ্বৰ থানাত ১৮ ফেব্ৰুৱাৰীত এখন এজাহাৰ দাখিল কৰিছে।
লগতে পঢ়কঃভূমিৰ পট্টা বিচাৰি আত্মজাহ যোৱা প্ৰণব বড়োৰ পৰিয়ালে মাটি পালেনে
গুৱাহাটীৰ এখন ৰেষ্টুৰেণ্টত কৰ্মৰত স্বামীয়ে সেইদিনা নিজৰ কৰ্মস্থলীতেই আছিল।তেওঁৰ পত্নী সন্ধানহীন হোৱাৰ খবৰ লাভ কৰাৰ পিছতেই নিজ ঘৰলৈ আহি বিভিন্ন স্থানৰ লগতে আলহীৰ ঘৰতো বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই দুৰ্ভগীয়া স্বামীয়ে।
ইফালে মাতৃক বিচাৰি তিনিবছৰীয়া শিশুটিয়ে কান্দি কান্দি হায়ৰান হৈ পৰিছে। কোনো ব্যক্তিয়ে সন্ধানহীন মহিলা গৰাকীৰ কিবা সম্ভেদ পালে আৰক্ষী নাইবা ৬৯০০৭৪৪৬৫৮ নম্বৰত জনাবলৈ স্বামীয়ে আহ্বান জনাইছে।