গোৰেশ্বৰঃ অসম আন্দোলনৰ এগৰাকী সেনানী তথা কামৰূপ গ্ৰাম্য জিলাৰ জয়কুছি গাঁৱৰ স্থায়ী বাসিন্দা নগেন্দ্ৰ নাথ বড়াই এতিয়া দুৰ্বিষহভাবে জীৱন ধাৰণ কৰিব লগা পৰিস্থিতি সৃষ্টি হৈছে।
জাতীয়তাবাদী নেতা তথা সমাজৰ বাবে নিজৰ সম্পত্তি পৰ্যন্ত দান হিচাপে আগবঢ়াই অহা বড়াই এতিয়া এখাজ খাই দুখাজ লঘোণে থাকিব লগীয়া হৈছে ৷ এখন দোকান দি কোনোমতে এতিয়া চলিব লগীয়া হৈছে নগেন্দ্ৰ নাথ বড়াই।
১৯৮২ চনত পাতিদৰং বিদ্যাপীঠ হাইস্কুলৰ পৰা মেট্ৰিকত উত্তীৰ্ণ বড়াই উচ্চ শিক্ষাৰ প্ৰতি চিন্তা নকৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু প্ৰয়াত ভূগু কুমাৰ ফুকনৰ নেতৃত্বত চলা বিদেশী বহিস্কাৰ আন্দোলনত জপিয়াই পৰিছিল ।
পাতিদৰং আঞ্চলিক ছাত্ৰ সন্থা আৰু গড়কা জয়কুছি স্বেচ্ছাসেৱক বাহিনীৰ মুখ্য আহবায়কৰ দায়িত্ব লৈ এলেকাটোত ছাত্ৰ আন্দোলনৰ বিশেষ ভূমিকা গ্ৰহণ কৰি কাৰাবাসও খাটিছিল ৷
কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ মাধ্যমৰে বিদেশী বহিস্কাৰ আন্দোলন যবনিকা পৰাত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অগপ চৰকাৰ গঠিত হয়। এই চৰকাৰৰ দিনত তেওঁ বহুত সা-সুবিধাৰ প্ৰতি লালয়িত ন’হল তেওঁ ।
১৯৮৫চনত তেওঁ নিজৰ জন্মস্থান জয়কুছি গাঁৱত স্থাপন কৰে জয়কুছি -গড়কা মিলন সংঘ ৷ সংঘৰ প্ৰতিস্থাপক সভাপতি হৈ তেওঁ অনুন্নত গাঁওখনত শিক্ষাৰ পোহৰ বিলাবলৈ সেই বছৰতে স্থাপন কৰে গোপাল থান হাইস্কুল ,জয়কুছি ৱোৱাকটা সমবায় সমিতি আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি অনুমোদন কৰি আনে গড়কা উপ-স্বাস্থ্য কেন্দ্ৰ ৷ এই তিনিওটা অনুষ্ঠানৰ বাবে তেওঁৰ যথেষ্টখিনি ম্যাদী ভূমি দানসূত্ৰে আগবঢ়ায় ৷
আৰু পঢ়কঃদক্ষিণ শালমাৰা মানকাচৰ জিলা গড়কাপ্তানী বিভাগত চলিছে চৰম দুৰ্নীতি
২০০০চনৰ ১৮ফেব্ৰুৱাৰীত বড়াক পুনৰ বাৰ মাতৃ ,পত্নী আৰু দুই শিশু পুত্ৰৰ সন্মুখতো সেই একে অভিযোগত সেনা -আৰক্ষীৰ নিৰ্যাতনৰ বলি হ’বলগীয়া হয়। এইগৰাকী আন্দেোলনৰ সেনানী আজি চাৰিওপিনৰ পৰা বঞ্চিত। দৰিদ্ৰ সীমাৰেখাৰ তলৰ হোৱাৰ পিছতো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত অহা তেওঁ।
বাসগৃহৰ ঘৰৰ অভাৱত তেওঁৰ জ্যেষ্ঠ পুত্ৰই পৰিয়ালসহ নিজৰ ঘৰৰ কাষতে থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটি কোঠাত ,কনিষ্ঠ পুত্ৰই ঘৰৰ ওচৰৰে অন্যৰ নাৰ্চাৰী এখনৰ জিৰণি গৃহত থাকিব লগা অৱস্থাৰ সৃষ্টি হৈছে ৷
জানিব পৰামতে এইজন সমাজকৰ্মীৰ লগত সহযোদ্ধা হিচাপে থকা আৰু তেওঁৱেই সহায়ৰ হাত আগবঢ়াই সমাজত আৰ্থিকভাবে প্ৰতিস্থিত হোৱা বহুতে মন্ত্ৰী বিধায়ক -বিষয়া হ’ল যদিও আজি পৰ্য্যন্ত আৰ্থিক দৈন্যতাত ভুগী থকা নগেন্দ্ৰ নাথ বড়াৰ খবৰ ল’বলৈ আহৰি কাৰোৱেই নাই।