গোৰেশ্বৰঃ গোৰেশ্বৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ব্ৰজনাথ শৰ্মা নাট্য সমাৰোহৰ সামৰণি। অসম নাট্য সন্মিলন, গোৰেশ্বৰ শাখাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে অনুস্থিত হোৱা সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট্যসপ্তাহ আৰু নাট সমাৰোহৰ সামৰণি অনুস্থান উপলক্ষে অনুস্থিত হোৱা ” ব্ৰজনাথ শৰ্মা আৰু সহ অভিনয় ” শীৰ্ষক বিষয়ত হোৱা আলোচনা চক্ৰত আলোচক হিচাবে অংশ গ্ৰহণ কৰি বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা তথা বিষয় শিক্ষক হেমেন দাসে তথ্য ভিত্তিত নিজৰ তত্বগধুৰ ভাষণ দিয়ে।

তেখেতে কয় যে ১৯৩৩ চনত ডুমডুমাত কমলানন্দ ভট্টাচাৰ্য্যৰ ৰচনা ” মৰাণ জিয়ৰী ” নাটখনে আছিল প্ৰথম সহ অভিনেতা হিচাবে মঞ্চস্থ হোৱা নাট । সেই দিনটোতে সহ অভিনেতাৰ বাট দেখুওৱা হয়।

লগতে পঢ়কঃদীৰ্ঘদিনৰ অন্তত আজিৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান

আলোচনা চক্ৰত গুৱাহাটীৰ নাট্যকাৰ, পৰিচালক বিনোদ ভাগৱতী আৰু বিশিষ্ট সাংবাদিক তথা নাট সমালোচক অতুল মজুমদাৰেও আলোচক হিচাবে অংশ গ্ৰহণ কৰে।

অসম নাট্য সন্মিলন, কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয়ে আঁতধৰা অনুস্থানত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি দিলিপ চন্দ্ৰ বড়া, ৰত্নপীঠ মণ্ডলৰ সভাপতি জয়ন্ত হাজৰিকা, অসম নাট্য সন্মিলন বাক্সা জিলা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে লক্ষী ৰাজবংশী আৰু চিন্ময় পাঠক, ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এম চি এলে পবিত্ৰ কুমাৰ বড়োকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে।

আলোচনা চক্ৰৰ অন্তত নাট্য সন্মিলনিৰ তৰফৰ পৰা ৫ গৰাকীকৈ বিশিষ্ট নাট্যকৰ্মী , নাট পৰিচালক তথা নাট্যকাৰক এখন মান পত্ৰ, এটা ফুলাম জাপি, এখন গামোছা আৰু এটা কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply