গোৰেশ্বৰঃ এটা ভঙা পঁজাত জীৱন নিৰ্বাহ কৰা গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ২নং হাজালপাৰা গাঁৱৰ এগৰাকী আইতাৰ কৰুণ গাঁথা।

অকলশৰীয়া আইতাগৰাকীৰ নাম মহেশ্বৰী নাথ। ঊনাশী বছৰ দেওনা গৰকা আইতা গৰাকীৰ নাই থাকিবলৈ এটা ভাল ঘৰ ৷ অকলশৰে এটা ভঙা জুপুৰিতে বাস কৰে আইতাগৰাকীয়ে।

এতিয়াও লোকৰ ঘৰত কাম কৰি চলাবলগীয়া হৈছে জীৱনৰ কঠোৰ সংগ্ৰাম।

বহু বছৰ পূৰ্বে মহেশ্বৰী নাথৰ স্বামীৰ মৃত্যু হয়। তাৰ পিছতে ছয় জন পুত্ৰৰ তিনিজনৰো মৃত্যু হয়। বাকী তিনিপুত্ৰৰো আৰ্থিক অৱস্থা শোচনীয়।

লগতে পঢ়কঃ গোৰেশ্বৰত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ

দিনটো আনৰ ঘৰত কাম কৰি এসাঁজ খালে আন এসাঁজ খাবলৈ চিন্তা কৰিবলীয়া হয় আইতাগৰাকীৰ।

চৰকাৰী অভিলাষী কোনো আঁচনিয়ে ঢুকি পোৱা নাই আইতাগৰাকীক । একমাত্ৰ সমবায়ৰ চাউলে শেষ ভৰষা আইতাগৰাকীৰ ৷

নাই আৰুণোদয় আঁচনি, নাই চৰকাৰী ঘৰ, নাই উজ্জ্বলা আঁচনি। নাই এটা শৌচালয়। বৃদ্ধ পেঞ্চনৰ পৰাও বঞ্চিত অকলশৰীয়া আইতা।

সেয়েহে বিটিআৰ তথা বিজেপি চৰকাৰক সুব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে আইতাগৰাকীৰ লগতে স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,787 other subscribers

Leave a comment

Leave a Reply