গোৰেশ্বৰ: প্ৰত্যেক সন্ধিয়া বজাৰত কেইটামান পাচলি আৰু কেইডাল মান ধনীয়া লৈ গ্ৰাহকৰ অপেক্ষাত বহি থাকে যুৱকজন। ক্লান্ত শৰীৰ অথচ উপায় নাই জীৱনৰ এই কাঁইটীয়া পথত নামি সংগ্ৰাম কৰিবই লাগিব, নহ’লে যে পেট নভৰে।
জীৱনৰ মাত্ৰ ২৯ টা বসন্ত গৰকিছে যুৱকজনে। কিন্তু হঠাৎ যুৱকজনৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা।
কোনো অচিন ৰোগত আক্ৰান্ত হৈছে বাক্সা জিলাৰ গোৰশ্বৰৰ পুৰাণ বজাৰৰ এইজন দীপন মদকে।
পূৰ্বে দীপন সুঠাম দেহৰ অধিকাৰী হোৱাৰ লগতে গধূলি বজাৰত পাচলি বিক্ৰী কৰি, ইটো-সিটো কৰি পেট প্ৰৱৰ্তাইছিল। এতিয়া দীপনে ৰোগগ্ৰস্ত শৰীৰে কাম কৰিবলৈও অসমৰ্থ হৈ পৰে।
পিতৃ -মাতৃও আজিৰ পৰা চাৰি বছৰ পূ্ৰ্বে মৃত্যু হৈছে। এতিয়া এইদৰে দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে ।
আৰু পঢ়ক: কাহিলিপাৰাৰ দক্ষিণগাঁৱত ৰাইজে আটক কৰিলে তিনি ড্ৰাগছ আসক্ত যুৱকক
দীপনৰ শৰীৰ অধিক দুৰ্বল হৈ পৰাৰ লগতে উশাহ-নিশাহত কষ্ট অনুভৱ কৰে। সেয়েহে এতিয়া পূৰ্বৰ দৰে ব্যৱসায়ো কৰিব নোৱাৰা হ’ল। বেছি ভাগ সময়ত বিচনাতে শুই কটাব লগীয়া হৈছে।
ইফালে আংশিক লকডাউনে একেবাৰ জুৰুলা কৰি পেলাইছে দীপনক। এতিয়াও গধুলি বজাৰত কেইডাল মান ধনীয়া আৰু দুটামান পাচলি লৈ গ্ৰাহকৰ অপেক্ষাত থাকে যদিও জীৱন চলাই নিয়াবলৈ বহু কষ্ট কৰিব লগীয়া হৈছে।
অকলশৰীয়া এই যুৱকজনক বৰ্তমান খুৰাক-আৰু খুৰীয়েকে চোৱা চিতা কৰে যদিও চিকিৎসা কৰাবলৈ তেওঁলোকোৰো নাই আৰ্থিক সম্বল। পূৰ্বে থায়ৰয়েড হোৱা বুলি ঔষধ সেৱন কৰিও কোনো সুফল পোৱা নাই দীপনে। বৰং দিনক দিনে শাৰীৰিক দুৰ্বলতা বাঢ়িহে গৈছে।
এই যুৱকজনৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ কোনো হৃদয়বান লোকৰ লগতে কোনো দল সংগঠনে সহায় কৰিব বিচাৰিলে 7636833419 নম্বৰত যোগাযোগ কৰি সহায় আগবঢ়াব পাৰিব। লগতে স্থানীয় জনপ্ৰতিনিধিকো যুৱকজনৰ চিকিৎসাৰ বাবে সহায় কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকসকলে।