গোৰেশ্বৰঃ এগৰাকী স্বামীহীনা মহিলাৰ জীৱন সংগ্ৰাম। প্ৰায় তিনিমাহ ধৰি জীৱন-মৃত্যুৰে যুঁজিছে এইগৰাকী মহিলাই। বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোণমহৰি গাঁৱৰ চিন্তাপাৰ চুবুৰীৰ নিলীমা দাসে যোৱা ৬মাৰ্চত স্ত্ৰী ৰোগত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজত হস্পিতালত ভৰ্তি হয়।
তাৰ পিছত ৯ মাৰ্চত জৰায়ুৰ অষ্ট্ৰোপচাৰ সম্পন্ন হয় নিলীমা দাসৰ। প্ৰায় ১২ দিন চিকিৎসালয়ৰ বিচনাত জিৰণী লোৱাৰ পিছত চিকিৎসকে ঘৰত লৈ অহাৰ পৰামৰ্শ দিয়ে যদিও পুনৰ অসুস্থ হৈ পৰে।
কোনো বিশেষ কাৰণত এইবাৰ তেওঁৰ পেটত পানী জমা হ’বলৈ আৰম্ভ কৰে। অৱশেষত নিলীমা দাসে খোৱা লোৱা কৰিব নোৱাৰা হৈ পৰে।
পিছত চিকিৎসকে পুনৰ আন এটা অষ্ট্ৰোপচাৰ কৰিব লাগিব বুলি কোৱাত পৰিয়ালৰ লোকে মেডিকেললৈ লৈ যায় যদিও অত্যাধিক দুৰ্বল হৈ থকা বাবে অস্ত্ৰোপচাৰ কৰিব নোৱাৰি বুলি ওভতাই পঠিয়াই।
আৰু পঢ়কঃগোৰেশ্বৰত অৰুণোদয় আঁচনিৰ তালিকা প্ৰস্তুতকৰণত ব্যাপক অনিয়মৰ অভিযোগ
এতিয়া তিনিমাহ ধৰি ঘৰৰ বিচনাত পৰি চটফটাই সময় অতিবাহিত কৰিব লগীয়া হৈছে এইগৰাকী মহিলাই। কাৰ ভুলৰ বাবে আচলতে অষ্ট্ৰোপচাৰ কৰাৰ পিছতো মহিলা গৰাকীৰ এনে অৱস্থা হ’ল সেয়া ৰহস্যৰ বিষয়।
দুৰ্ভগীয়া নিলীমা দাসে অতি কম বয়সতে তেওঁৰ স্বামীক হেৰুৱাবলগীয়া হৈছিল। এজনী কন্যাৰ মাতৃ নিলীমাই সাহিত্যক জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়ছম গোস্বামীৰ সৈতে ঘৰুৱা কাম কাজ চোৱা-চিতা কৰা হিচাপে চাৰিটা বছৰ কটাইছিল।
বৰ্তমান পিতৃগৃহত থকা নিলীমাক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। চিকিৎসা কৰি সৰ্বশ্ৰান্ত হোৱা পৰিয়ালটোৱে এতিয়া উন্নত চিকিৎসাৰ বাবে কোনো হৃদয়বান লোকৰ লগতে চৰকাৰৰ সহায় বিচাৰিছে।
কোনো লোকে সহায় আগবঢ়াব বিচাৰিলে ইউকো বেংকৰ গুৰমৌ শাখাৰ একাউন্ট নম্বৰ- ২৬৩২৩২১১০০৫৩৫৩
আইএফএফচি কোড- ইউচিবিএ০০০২৬৩২ নম্বৰত তেওঁক সহায় কৰিব পাৰে। আনহাতে পৰিয়ালৰ যোগাযোগ নম্বৰ- ৮৬৩৮৯ ১৬৮৩৮ নম্বৰতো ফোন কৰি সহায় আগবঢ়াব পাৰে।