গোৰেশ্বৰঃ যদি আপুনি পেট্ৰ’ল ভৰাম বুলি পেট্ৰ’ল পাম্পলৈ গৈছে তেনেহ’লে সাৱধান হওঁক, অন্যথা একাংশ পেট্ৰ’ল পাম্পত পেট্ৰ’ল ভৰাবলৈ গৈ ঠগ-প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে আপুনিও।
কিয়নো তেনে এক ঘটনা সংঘটিত হৈছে কামৰূপৰ মুক্তাপুৰত। পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক ৰামটাঙোন সোধোৱাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে একাংশ পেট্ৰল পাম্পৰ ঠগ-প্ৰৱঞ্চনাৰ অভিযোগ।
লগতে পঢ়কঃকংগ্ৰেছ এখন ডুবিব ধৰা নাও : সাংসদ কামাখ্যা প্ৰসাদ তাছা
কামৰূপ গ্ৰাম্য জিলাৰ মুক্তাপুৰস্থিত কিষাণ সেৱা কেন্দ্ৰ নামৰ ব্যক্তিগত পেট্ৰ’ল পাম্পত এগৰাকী গ্ৰাহকে নিজৰ বাহনত পেট্ৰ’ল ভৰাবলৈ যোৱাত পোহৰলৈ আহে এই কাণ্ড। ব্যক্তিগৰাকীয়ে ৩০০টকাৰ পেট্ৰ’ল ভৰাব দিয়াত কৰ্মচাৰীজনে ২৯৯.৪৪ টকাৰহে পেট্ৰ’ল দিয়ে।
প্ৰতিজন গ্ৰাহকৰ পৰা ৫৬ পইচা অতিৰিক্তভাৱে সংগ্ৰহ কৰি আছে পেট্ৰ’ল পাম্পটোৱে। অৱশ্যে পাম্পটোৰ স্বত্বাধিকাৰীয়ে মেচিনৰ যান্ত্ৰিক বিজুতি হোৱাৰ বাবেই এনে হোৱা বুলি মন্তব্য কৰে।
কিন্তু মেচিনৰ যান্ত্ৰিক বিজুতিৰ দোহাই দি গ্ৰাহকক কমকৈ তেল দি সম্পূৰ্ণ টকা সংগ্ৰহ কৰা কিমান যুক্তি সংগত সেয়াহে বিচাৰ্যৰ বিষয়।