গোৰেশ্বৰঃ বিশ্ব পাৰিপাৰ্শ্বিকতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকৃতি সুৰক্ষাৰ লগতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ বাগসা জিলাৰ গোৰেশ্বৰ আউৰীয়াপাৰা গাওঁত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

এই উপলক্ষে আউৰীয়াপাৰা গাওঁৰ লাচিত বৰফুকন সোঁৱৰণী পুথিভঁৰালত সমাজকৰ্মী মুনীন্দ্ৰ ডেকাৰ সভাপতিত্বত এখন সভাও অনুষ্ঠিত হৈ যায়।

শিক্ষক তথা যুৱ লেখক ভৱেশ নাথৰ নেতৃত্বত গঢ় লৈ উঠা সঞ্জীৱন, প্ৰকৃতি সুৰক্ষা সংস্থাৰ উদ্যোগত আয়োজিত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণী কৰে এক্সেল কেয়াৰ হস্পাতালৰ মানসিক ৰোগ বিশেষজ্ঞা ডাঃ বিনীতা শৰ্মা দাসে। সভাত তেওঁ কয় যে – ক’ৰনাকালীন সময়চোৱাত প্ৰতিজন ব্যক্তিয়ে মানসিক ভাৱে যথেষ্ট ভাৰাক্ৰান্ত হৈ থকাৰ সময়ত প্ৰকৃতিৰ সৈতে একাত্ম হৈ এনেদৰে বৃক্ষৰোপন কৰাৰ জৰিয়তে প্ৰকৃতিক সুৰক্ষা দিব পাৰিলে মানৱ জাতি উপকৃত হ’ব ।

লগতে পঢ়কঃখহনীয়াৰ বুজ ল’বলৈ মাজুলীত উপস্থিত হ’ল আছুৰ সজাতি দল

উল্লেখ্য যে যুৱ লেখক ভৱেশ নাথে ব্যক্তিগত প্ৰচেষ্টাত আৰম্ভ কৰা এই বৃক্ষৰোপন কাৰ্যসূচীয়ে সমাদৰ লাভ কৰিছে আৰু নতুনকৈ তেওঁৰ প্ৰচেষ্টাত সহযোগ কৰিছে “সঞ্জীৱন,প্ৰকৃতি সুৰক্ষা সংস্থাই। এই বৃক্ষৰোপন কাৰ্যসূচীত প্ৰায় শতাধিক লোকে অংশ গ্ৰহণ কৰে।

এই বৃক্ষৰোপন কাৰ্যসূচীৰে নতুন প্ৰজন্মক পথ প্ৰদৰ্শনৰে উৎসাহিত কৰা যুৱ লিখক তথা শিক্ষক ভৱেশ নাথৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে প্ৰকৃতি প্ৰেমী ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply