গোৰেশ্বৰঃ জীৱনৰ এটি বিশেষ দিন স্মৰণীয় তথা সজীৱ কৰি ৰাখিবলৈ এগৰাকী যুৱকৰ প্ৰশংসনীয় পদক্ষেপ।

বাক্সা জিলাৰ গোৰেশ্বৰৰ অঞ্চলৰ প্ৰবন্ধকাৰ, যুৱ লিখক তথা শিক্ষক ভৱেশ নাথে ব্যক্তিগত ভাৱে আৰম্ভ কৰিছে বৃক্ষৰোপণ কাৰ্য্যসূচী।

গোৰেশ্বৰ- বাইহাটা চাৰিআলি পথটোৰ গাছবাৰী অংশৰ দুয়োকাষৰ লগতে গাছবাৰী পশু চিকিৎসালয় কেন্দ্ৰৰ বাকৰিত বকুল, নাহৰ, কৃষ্ণচূড়া, আমলখি, দেৱদাৰুৰ কেইবাটাও গছ পুলি ৰোপণ কৰে যুৱকজনে।

আৰু পঢ়কঃজামুগুৰিহাটৰ এজন যুৱকে বিভিন্ন সামগ্ৰী পেকেটিং কৰা উদ্যোগিক প্ৰতিষ্ঠানৰ জৰিয়তে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন

বৰ্তমান কোভিডকালীন এই সময়ছোৱাত মানৱ জাতি জীয়াই থকাৰ স্বাৰ্থতেই পৰিৱেশৰ সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ কিমান জৰুৰী। পৃথিৱীৰ ক্ৰমবৰ্দ্ধমান উষ্ণতা, পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতাহীনতা, জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি, অক্সিজেনৰ নাটনি এই সকলোবোৰ বিষয় প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছে পৰিৱেশৰ সৈতে। এই কথা হৃদয়ঙ্গম কৰি যুৱ লিখক জনে পৰিৱেশৰ ভাৰসাম্যহীন অৱস্থাটোক নিয়ন্ত্ৰণত ৰখাৰ স্বাৰ্থত ৰাজহুৱা স্থানত গছ পুলি ৰোপনৰ এক কাৰ্যসূচী হাতত লৈছে।

এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অনাগত দিনত এনেদৰে ধাৰবাহিক ভাৱে বৃক্ষ ৰোপন কৰি যোৱাৰ সংকল্প লৈছে ভৱেশ নাথে।

বৃক্ষৰোপণৰ এই কাৰ্য্যসূচীত বিশেষ ভাৱে সহযোগিতা আগবঢ়াইছে গোৰেশ্বৰ প্ৰেছ ক্লাৱৰ সম্পাদক আব্দুল লতিফ চৌধুৰী, গাছবাৰী আদৰ্শ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক দেবেন চন্দ্ৰ নাথ, দৈনিক অগ্ৰদূত কাকতৰ গোৰেশ্বৰৰ সংবাদদাতা দীপাংকৰ দাস, অসম সাহিত্য সভাৰ গোৰেশ্বৰ শাখাৰ সম্পাদক পৰমেশ্বৰ ডেকা, গোৰেশ্বৰ অঞ্চলৰ যুৱ সমাজকৰ্মী ঋৰভ ৰঞ্জন দাস, সংবাদকৰ্মী অভিজিৎ হৰ্ষ আৰু সচেতন যুৱক ভিক্টোৰ অনুপ, সঞ্জয় নাথ, মতিউৰ ৰহমানে।

বৃক্ষৰোপনৰ লগতে ভৱিষ্যতে পৰিৱেশৰ সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ সম্পৰ্কীয় বিভিন্ন আলাপ-আলোচনা, কাৰ্যপন্থা ল’বলৈ চেষ্টা অব্যাহত থাকিব বুলি যুৱ লিখক ভৱেশ নাথে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply