গোৰেশ্বৰঃ যি সময়ত অসম আৰক্ষীয়ে অপৰাধমুক্ত অসম গঢ়াৰ পণ লৈ অপৰাধী নিৰ্মূল কৰি আছে সেইসময়তে গোৰেশ্বৰত বিনা কাৰণত এজন যুৱকক প্ৰহাৰ কৰাৰ বাবে আৰক্ষীৰ দলক আবদ্ধ কৰি ৰাখিলে ৰাইজে।

নিশা ১২বজাত বিনা কাৰণৰ গোৰেশ্বৰৰ বটিয়ামাৰীৰ অমৃত দাস নামৰ যুৱক এজনক তহলদাৰী আৰক্ষীৰ দলে ঘৰৰ বাহিৰত চাইকেল থোৱা বাবে শুৱাপাটীৰ পৰা উঠাই আনি আতিশয্য কৰাৰ পাছতে ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ।

লগতে পঢ়কঃনলবাৰীত এখন বাহনৰ পৰা জব্দ ৯ টা গৰু

এখন চাইকেল ঘৰৰ বাহিৰত থোৱা বাবেই অমৃত দাসক সেই সামান্য কথাটে তহলদাৰী আৰক্ষীৰ দলটোৱে ঘৰৰ পৰা উঠাই নি মাৰধৰ কৰি আকৌ ঘৰলৈ থ’বলৈ অহাত স্থানীয় ৰাইজে গাড়ীখনত থকা গোৰেশ্বৰ আৰক্ষী থানাৰ ASI শ্ৰীকান্ত দাসক আতিশয্য চলোৱাৰ উত্তৰ বিচাৰে ৰাইজে।

স্থানীয় ৰাইজৰ অভিযোগ গোৰেশ্বৰ আৰক্ষী থানাৰ ASI গৰাকী কৰ্তব্য়ৰত অৱস্থাত সুৰাপান কৰি আছিল।

ৰাইজৰ সুৰক্ষাত থকা আৰক্ষী বিষয়াৰ এনে কাণ্ডই স্তম্ভিত কৰিছে গোৰেশ্বৰবাসীক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply