গোৰেশ্বৰঃ সান্ধ্য আইন আৰু চৰকাৰে জাৰি কৰা এচঅ’পিৰ বাবে ঘোৰ অমানিশা নামি আহিছে গোৰেশ্বৰৰ এটি দুৰ্ভগীয়া পৰিয়াললৈ।
বাক্সাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেতনা মৌজাৰ কাড়িপাৰা গাওঁৰ অমুল্য কুমাৰ নামৰ ব্যক্তিজনৰ এই ঘৰখনত এতিয়া চৌকা নজ্বলা অৱস্থা হৈছে।
ৰুগীয়া অমুল্য কুমাৰ আৰু পূৱলী কুমাৰক পূবলী কুমাৰৰ বিশেষভাৱে সক্ষম এগৰাকী অবিবাহিত ভনীয়েক যামিনী কুমাৰে ভিক্ষা মাগিপোহপাল দি আহিছিল।
পৰিয়ালটোৰ খেতিমাটি বুলিবলৈ একো নাই। একমাত্ৰ বিশেষ ভাৱে সক্ষম যুৱতীগৰাকীয়ে খুজি-মাগিয়েই চলাই আছিল পৰিয়ালটোক।
আৰু পঢ়কঃমানকাচৰৰ মইশালডাংগাত মাৰপিটৰ ঘটনা
চৰকাৰী বহু আঁচনি থকাৰ পিছতো এই পৰিয়ালটোৱে লাভ কৰা নাই কোনো সুফল। থাকিবলৈ নাই এটা উপযুক্ত বাসস্থান। উজ্জ্বলা আঁচনি থকাৰ পিছতো খৰিৰে ৰন্ধা বঢ়া কৰিব লাগে খাদ্য।
বিনামূলীয়া বিদ্যুৎ সংযোগ পাইছিল যদিও এতিয়া মেৰামতিৰ অভাৱত অন্ধকাৰতে ৰাতি থাকিব লগীয়া হৈছে। সমবায়ৰ চাউল কেইটা আৰু অনাময় আঁচনিৰ শৌচাগাৰটোৰ বাদে যেন এইসকল লোকক আন একো সুবিধাৰে প্ৰয়োজন নাই। অভিযোগ মতে ধন উৎকোচ দিব নোৱাৰাৰ বাবে বাদ পৰি ৰৈছে চৰকাৰী বিভিন্ন আঁচনিৰ লাভালাভৰ পৰা।
শেহতীয়াকৈ আকৌ কোভিড ১৯ ৰ এচঅ’পি নীতিৰ বাবেও এই পৰিয়ালটোৱে চৰম দুৰ্ভোগ ভুগিব লগা হৈছে। অনাহাৰে কটাব লগীয়া হৈছে দিন-ৰাতি। কোনো হৃদয়বান লোকৰ লগতে দল,সংগঠন তথা স্থানীয় জনপ্ৰতিনিধিক চকু মেলি চাবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।