গোৰেশ্বৰঃ দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাৰেই প্ৰমাণ কৰি দেখুৱালে তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰাজহ চক্ৰৰ বাঙালীপাৰাৰ উপৰখুতি গাঁৱৰ বিবেক পাণ্ডে। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি তামুলপুৰ জিলাৰ বাঙালীপাৰাৰ উপৰখুতিৰ ডেফ’ডিলছ ইংলিছ মিডিয়াম স্কুলৰ পৰা ইংৰাজী মাধ্যমত মেধাৱী ছাত্ৰ বিবেক পাণ্ডে ৫৭২ নম্বৰ লাভ কৰি ৯৫.৩৩ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

অতি দৰিদ্ৰ পৰিয়ালৰ বিবেকৰ পঢ়াৰ বাবে নাছিল এখন টেবুল, থাকিবলৈ নাই এটা ভাল থকা ঘৰ। বিবেকৰ পিতৃয়ে দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিছিল। বিবেকৰ এনেধৰণৰ সাফল্যত বিবেকৰ পিতৃ-মাতৃৰ লগতে অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈছে।লগতে অঞ্চলটোৰ ৰাইজে বিবেকৰ উজ্জ্বল ভবিষ্যত কামনা কৰি স্থানীয় জনপ্ৰতিনিধিক বিবেকৰ উচ্চ শিক্ষাৰ বাবে সহায়ৰ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply