গোৰেশ্বৰঃ গোৰেশ্বৰত এচ এফ আই, ডি ৱাই এফ আই, এ আই কে এছ, চিটুৰ উদ্যোগত গণ অভিৱৰ্ত্তন।

২৮ আৰু ২৯ মাৰ্চৰ দেশজোৰা সাধাৰণ ধৰ্মঘট সফল কৰাৰ বাবে তামুলপুৰ জিলাৰ গোৰেশ্বৰত নিৰ্মাণ শ্ৰমিক ইউনিয়ন, কৃষক সভা, অংগনাবাদী কৰ্মী – সহায়িকা সন্থা, মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন, এচ এফ আই, ডি ৱাই এফ আই, গণতান্ত্ৰিক মহিলা সমিতিৰ উদ্যোগত এখন গণ অভিৱৰ্তন অনুষ্ঠিত কৰা হয়।

লগতে পঢ়কঃগঁড় হত্যা বন্ধৰ সজাগতাৰ উদ্দেশ্যৰে দৰঙৰ গৌৰী শংকৰ কলিতাৰ পদযাত্ৰা
চি আই টি ইউৰ ৰাজ্যিক নেতা মদন তালুকদাৰে মুখ্য বক্তা হিচাপে উপস্থিত থাকি ২৮ আৰু ২৯ তাৰিখৰ সাধাৰণ ধৰ্মঘটৰ গুৰুত্ব সম্পৰ্কে বহলাই বাখ্যা কৰে। লগতে গণ অভিৱৰ্তন কাৰ্যসূচীত ভাষণ দিয়ে গণতান্ত্ৰিক আন্দোলনৰ নেতা কৰুণা ভূঞা, শ্ৰমিক নেত্ৰী শেৱালি বেজবৰুৱা, যুৱ নেতা দিলীপ দাস আৰু ছাত্র নেতা সঞ্জীৱ বৈশ্য‌ই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply