গোৰেশ্বৰঃ ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ কৰাত হৈছে ৰাজ্য চৰকাৰ ৷ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যৰ সাধাৰণ জনতাক ৷
বজাৰলৈ আহি এতিয়া খালী মোনা লৈ উভতিব লগীয়া হৈছে গ্ৰাহক। পেট্ৰ’লজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিয়ে চিন্তিত কৰি তুলিছে সৰ্বসাধাৰণক।
লগতে পঢ়কঃমঙ্গলদৈত ই-ৰিস্কা চুৰি কাণ্ডৰ মূল অপৰাধী গ্ৰেপ্তাৰ
প্ৰতিটো সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলত সাধাৰণ ৰাইজ চলিব নোৱাৰা অৱস্থা হৈছে। বিনামূলীয়াকৈ সামগ্ৰী প্ৰদান কৰি হিতাধিকাৰী সৃষ্টি কৰা চৰকাৰ খনে মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছে । ৰাইজে এতিয়া ক’বলৈ বাধ্য হৈছে যে বিনামূলীয়া সামগ্ৰী আমাক নালাগে কিন্তু বজাৰৰ বস্তু দাম কমাই দিয়ক। মিঠাতেল , দালি , আলু ,পিয়াজ আদিৰ মূল্য বৃদ্ধিৰ ফলত এতিয়া ভাত সাজ খাবলৈ চিন্তা কৰিব লগীয়া হৈছে সাধাৰণ ৰাইজে।