গোৰেশ্বৰঃ প্ৰতিকুল বতৰকো নেওচি গোৰেশ্বৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ।
মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ প্ৰতিবাদত গোৰেশ্বৰ এছএফ আই, ডিৱাই এফআই, মহিলা সমিতি , চিআইটিইউ, কৃষক সমিতিয়ে গোৰেশ্বৰৰ ৰাজপথত বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে।
পেট্ৰ’ল, ডিজেল, ঔষধকে ধৰি নিত্যপ্ৰয়োজনীয় সামগ্ৰীসমূহৰ অবিৰত আৰু অভাৱনীয় মূল্যবৃদ্ধিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাই।
আৰু পঢ়কঃকৰোনা কালত মূল্যবৃদ্ধি ঘটোৱা অসাধু ব্যৱসায়ীক কঠোৰ সকিয়নি শোণিতপুৰ জিলা উপায়ুক্তৰ
উল্লেখ্য যে পেট্ৰ’ল, ডিজেল, ঔষধকে ধৰি নিত্যপ্ৰয়োজনীয় সামগ্ৰীসমূহৰ অবিৰত আৰু অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণৰ জীৱন-জীৱিকা ভয়াৱহ সংকটৰ সন্মুখীন হৈছে।
সেয়ে অত্যাৱশ্যকীয় বয়-বস্তুসমূহৰ মূল্যৰোধৰ দাবীত দলটোৰ শতাধিক সদস্যই হাতত বেনাৰ-পোষ্টাৰ-পতাকা লৈ গোৰেশ্বৰ ৰেল গেটত সমবেত হয় আৰু পেট্ৰল- ডিজেলৰ মূল্য হ্ৰাস কৰক, ঔষধৰ মূল্যবৃদ্ধি ৰোধ কৰক, সকলোকে অতিশীঘ্ৰে বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰক, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।