গোৰেশ্বৰঃ গোৰেশ্বৰত ২৮,২৯ মাৰ্চৰ সাধাৰণ ধৰ্মঘটৰ সমৰ্থনত নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ উত্তাল প্ৰতিবাদ।
প্ৰতিবাদকাৰী সকলে হাতে হাতে ফ্লেগ লৈ গোৰেশ্বৰস্থিত ভাৰতীয় ষ্টেট বেংক গোৰেশ্বৰ শাখাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাত কোনোপধ্যেই ধৰ্মঘট স্থগিত নকৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।
লগতে পঢ়কঃদেশজুৰি ধৰ্মঘট কাৰ্যসূচীৰ মাজতে গুৱাহাটী ক্লাবত উত্তাল প্ৰতিবাদ
বেংকৰ সন্মুখত প্ৰতিবাদ কৰাৰ ফলত বেংকৰ কৰ্মচাৰী সকল বেংকৰ বাহিৰতে থাকিব লগা হয়।
প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, আমাৰ দাবী মানিবই লাগিব, এক হো,আৱাজ দো আদি শ্লোগান দি কঁপাই তোলে গোৰেশ্বৰৰ আকাশ বতাহ। প্ৰতিবাদস্থলীত তামুলপুৰ জিলাৰ ডি এছ পি ৰূপজ্যোতি কলিতা উপস্থিত হয়।