গোৰেশ্বৰ, জুলিমা ডেকাঃ গোৰেশ্বৰৰ মহৰিপাৰাত চাউল চুৰিত নামিছে একাংশ চৰকাৰী বিষয়া আৰু সমবায় এজেন্ট। এই জঘন্য অপৰাধৰ প্ৰতিবাদ জনাই মহৰিপাৰা গাওঁপঞ্চায়ত সমবায় সমিতিৰ কাৰ্যালয়ত কেইবাটাও দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, বি টি আৰ চৰকাৰ হায় হায়, খাদ্য আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাস হায় হায়, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা হায় হায়, শুক্লাই ছেৰফাং সমষ্টিৰ ই এম ৰনেন নাৰ্জাৰী মুৰ্দাবাদ আদি শ্ল’গানেৰে মহৰিপাৰা গাওপঞ্চায়ত সমবায় সমিতিৰ চৌহদ কঁপাই তোলে।

ভাৰতীয় খাদ্য নিগমৰ চাংসাৰিৰ পৰা অহা ১২ খনকৈ চাউল ভৰ্তি ট্ৰাক হৰলুকি হোৱাৰ অভিযোগ উত্থাপন হৈছে। যোৱা ৩১ মে’ত মহৰিপাৰা গাওঁপঞ্চায়ত সমবায় সমিতিৰ নামত ১২ খনকৈ চাউল ভৰ্তি ট্ৰাক ভাৰতীয় খাদ্য নিগমৰ চাংসাৰি ভৰাঁলৰ পৰা ১২ খন চালানযোগে মোকলাই অনাৰ তথ্য পোৱা গৈছে যদিও সেই চাউল মহৰিপাৰালৈ আহি নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে। উক্ত চাউলখিনি হিতাধিকাৰীয়ে লাভ কৰাৰ পৰিৱৰ্তে মাজৰাস্তাৰ পৰাই হৰলুকী হয় ১২ খনকৈ চাউল ভৰ্তি ট্ৰাক।

এতিয়া প্ৰশ্ন হ’ল ক’ত গ’ল ১২ খনকৈ চাউল ভৰ্তি ট্ৰাক? সেয়েহে উক্ত অভিযোগৰ ভিত্তিত স্থানীয় ৰাইজৰ লগতে কেইবাটাও দল সংগঠনে উক্ত দুষ্কাৰ্যৰ লগত জড়িত দুখীয়াৰ চাউল হৰলুকি কৰা আটাইকে আটক কৰি দৃষ্টান্ত মূলক শাস্তি দিবলৈ দাবী জনোৱাৰ লগতে মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক নিৰঞ্জন কলিতাকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায় প্ৰতিবাদ সাবাস্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply