গোৰেশ্বৰঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰত পুৱাই হাতে হাতে প্লে কাৰ্ড লৈ অৰ্ধশতাধিক যাত্ৰীয়ে গোৰেশ্বৰৰ ৰেলৱে ষ্টেচনত ষ্টপেজ দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। লাচিত এক্সপ্ৰেছ আৰু কামৰূপ এক্সপ্ৰেছ দুখন গোৰেশ্বৰত ষ্টপেজ দিয়াৰ দাবীত গোৰেশ্বৰৰ ৰেল যাত্ৰীসকলে এই প্ৰতিবাদ সাবাস্ত কৰে।

কোভিডকালীন সময়ছোৱাৰ পূৰ্বে লাচিত এক্সপ্ৰেছ আৰু কামৰূপ এক্সপ্ৰেছৰ ষ্টপেজ গোৰেশ্বৰত আছিল যদিও এতিয়া এই দুখন ৰেলগাড়ীৰ বৰ্তমান গোৰেশ্বৰত ষ্টপেজ নথকাত ৰেল যাত্ৰীসমূহ ভীষণ সমস্যাৰ সন্মুখীন হৈছে সেয়েহে উক্ত ৰেলগাড়ী দুখন গোৰেশ্বৰ ষ্টেচনত ষ্টপেজ দিয়াৰ দাবী উত্থাপন কৰি যাত্ৰীসকলে আজি ৰেলৱে কৰ্তৃপক্ষলৈ এখন স্মাৰক পত্ৰ দিয়াৰ উপৰিও শীঘ্ৰেই এই দুখন ৰেলগাড়ীৰ ষ্টপেজ দিয়াৰ বাবে দাবী উত্থাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply