গোৰেশ্বৰঃ গোৰেশ্বৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় সন্মুখত ২ শতাধিক মহিলা কৰ্মীৰ উত্তাল প্ৰতিবাদ। দীৰ্ঘদিন ধৰি মধ্যাহ্ন ভোজন কৰ্মী সকলক চৰকাৰে প্ৰাপ্য মজুৰি আদায় নিদিয়াৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত কৰে।
শুকুৰবাৰে ৰাজ্যজুৰি ‘সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন’ৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৰেশ্বৰতো গোৰেশ্বৰ শিক্ষাখণ্ডৰ অন্তৰ্গত গোৰেশ্বৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় সন্মুখত ২ শতাধিক মহিলা কৰ্মচাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

“আমাক প্ৰাপ্য মাননি আদায় দিয়ক”, “মাননি নিয়মীয়াকৈ আদায় দিয়ক”, “শাৰদীয় উৎসৱৰ আগত বকেয়া মাননি আদায় দিয়ক” আদি বিভিন্ন শ্লোগানেৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে।