গোৰেশ্বৰঃ স্বাধীনতাৰ ৭৪ টা বছৰৰ পিছতো উন্নয়নৰ মুখ দেখা পোৱা নাই গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাজলপাৰা গাঁৱৰ ৰাইজে।
বছৰ বছৰ ধৰি বাট-পথৰ শোচনীয় অৱস্থাৰ বাবে জীয়াতু ভুগিব লগা হৈছে গাওঁবাসীয়ে। ঘন জনবসতি পূৰ্ণ এলেকা হাজলপাৰা কলাকুছি বামুণগাওঁ চাৰণপাৰ গোসাইহাউলী শিঙিমাৰী গাঁৱৰ মাজেৰে যোৱা কলাকুছি- কেৰ্পাভিঠা সংযোগী পথটো স্থানীয় মন্ত্ৰী- বিধায়কে আধাৰশিলা স্থাপন কৰিও আজিলৈকে নিৰ্মাণ নকৰিলে পথটো।
আৰু পঢ়কঃশিৱসাগৰত অসমৰ প্ৰথমখন সংবাদ পত্ৰ “অৰুণোদয়” স্মাৰকৰ শিলান্যাস কাৰ্যসূচী সম্পন্ন
উল্লেখ্য যে বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দুবাৰকৈ আধাৰশিলা কৰিছিল। আনহাতে গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ সদস্য তথা গোৰেশ্বৰ পৌৰ সভাৰ অধ্যক্ষ পবিত্ৰ কুমাৰ বড়োৱে নিৰ্বাচনত জয়ী হ’লে প্ৰথমতে এই পথটো নিৰ্মাণ কৰিব বুলি ৰাইজক কথা দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। সেয়েহে শীঘ্ৰেই এই পথটো নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।