গোৰেশ্বৰঃ তিনি মাহে বিদ্যুৎ সংযোগ অবিহনে চলিছে বাক্সা জিলাৰ গোৰেশ্বৰৰ এটি চৰকাৰী কাৰ্য্যালয়। যি সময়ত ৰাজ্য চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ অনাদাই বিদ্যুৎ বিল সংগ্ৰহৰ বাবে উঠিপৰি লাগিছে এনে সময়তে চৰকাৰী বিষয়াৰ কাৰ্য্যালয়তে দেখা গৈছে এক বিপৰীত ছবি।

সময়মতে বিদ্যুৎ বিল পৰিশোধ নকৰাৰ বাবে গোৰেশ্বৰৰ গড়কাপ্তানী উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্য্যলয়ত তিনি মাহ ধৰি বন্ধ হৈ আছে বিদ্যুৎ যোগান। ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা চৰকাৰখনৰ দিনতে এইদৰে বিদ্যুৎ যোগান অবিহনে কিদৰে বিভাগীয় কাম কাজ চলিছে তাকে লৈ চকু কপালত উঠিছে গোৰেশ্বৰবাসী ৰাইজৰ ।

আনহাতে স্থানীয় লোকৰ অভিযোগমতে কাৰ্যালয়টোত চকিদাৰজনৰ বাহিৰে প্ৰায়েই উপস্থিত নাথাকে কোনো বিষয়া কৰ্মচাৰী। ফলত গৰু-ছাগলীৰ গোহালী ঘৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে এই কাৰ্য্যালয়টো।

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আজি কাৰ্য্যালয়টোত উপস্থিত হয় আক্ৰাছুৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় সাংবাদিকৰ দল। কাৰ্য্যালয় প্ৰত্যক্ষ কৰি দেখে ১২বজালৈ কাৰ্য্যালয়টোত উপস্থিত নাই কোনো বিষয়া-অভিযন্তা।

লগতে পঢ়কঃঅসম দৰ্শন আঁচনিৰ অধীনত ৫২ টা নামঘৰলৈ সাহায্য প্ৰদান

উল্লেখ্য যে, মাত্ৰ কিছুদিন পূৰ্বে গোৰেশ্বৰত উপস্থিত হৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই চৰকাৰী বিষয়া কৰ্মচাৰী সকলক সময়মতে কাৰ্য্যালয়ত উপস্থিত হোৱাৰ বাবে সকীয়নি প্ৰদান কৰি গৈছিল।

কিন্তু বিটিআৰৰ মুৰব্বী গৰকীৰ কথাকো আংগুষ্ঠ প্ৰদৰ্শন কৰি এইসকল কৰ্মচাৰীয়ে নিজৰ মৈমতালীৰে কাৰ্য্যালয়ত উপস্থিত নথকাকলৈ চিন্তিত হৈছে সচেতন ৰাইজ।

ইপিনে আজি গড়কাপ্তানী বিভাগৰ কাৰ্য্যালয়ৰ এই পয়ালগা অৱস্থা প্রত্যক্ষ কৰি আক্ৰাছুৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সভাপতি শংকৰ ৰাজবংশীয়ে চৰকাৰক অতি শীঘ্ৰে কৰ্যলয়টোৰ কাম-কাজ তথা বিষয়া কৰ্মচাৰীৰ উপস্থিতিৰ তদন্ত কৰি উচিত পদক্ষেপ গ্ৰহণৰ বাবে দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply