গোৰেশ্বৰঃ গোৰেশ্বৰত উৰণীয়া সেঁতুৰ অভাৱত ৰেলৱে ক্ৰচিঙত তীব্ৰ যান-যঁট।
প্ৰায় আধা ঘন্টা বা চল্লিশ মিনিট ধৰি আবদ্ধ হ’বলগীয়া হয় বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অফিচলৈ অহা কৰ্মচাৰীসকলৰ লগতে জৰুৰীকালীন স্বাস্থ্য সেৱাৰ লগত জড়িত এম্বুলেঞ্চ সেৱাও।ৰঙিয়া মুৰ্কংচেলেক ব্ৰডগজ ৰেলপথৰ মাজেৰেই বাইহাটা চাৰিআলি-ৰামগাঁও-নাগ্ৰীজুলি গড়কাপ্তানি পথ সেয়েহে ৰেলৱে ক্ৰচিঙৰ বাবে তীব্ৰ যান-যঁটৰ সৃষ্টি হোৱাত যমৰ যাতনাৰ সন্মুখীন হৈছে গোৰেশ্বৰবাসী নাগৰিক।
উল্লেখ্য যে, এই ৰেলপথটোৰে প্ৰত্যক দিনে কমেও ১৮ -২০খন ৰেল অহা-যোৱা কৰে ফলত গোৰেশ্বৰ নগৰৰ মাজমজিয়াত থকা ৰেলগেটত তীব্ৰ যান-যঁটৰ সৃষ্টি হোৱাত ৰাইজ বিমোৰত পৰিছে।ইতিমধ্যে মিত্ৰজোঁটৰ চৰকাৰে কেইবাবাৰো গোৰেশ্বৰ নগৰত উৰণীয়া সেতুখন হ’ব বুলি ঘোষণা কৰিছিল যদিও আজিলৈ প্ৰাৰম্ভিক কামখিনি কৰা দেখা নগ’ল ।
ইয়াৰ পূৰ্বেও বিজেপিৰ সৈতে মিত্ৰতাত থাকি বিপিএফ দলৰ বিটিচি চৰকাৰে গোৰেশ্বৰত উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু সেয়া ফুটুকাৰ ফেনত পৰিণত হ’ল। ইউপিপিএল চৰকাৰ বুলি ঢাক-ঢোল বজোৱা প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচিৰ নৱগঠিত মিত্ৰজোঁটৰ চৰকাৰেও একেই প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজিলৈ পৰিৱৰ্তনৰ নামত একো পৰিৱৰ্তন নহ’ল, গোৰেশ্বৰবাসীৰ সমস্যা আজিও সমস্যা হৈয়ে থাকিল। সেয়েহে গোৰেশ্বৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিটিআৰ প্ৰশাসনৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োলৈ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে উৰণীয়া সেতুৰ দাবীত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।লগতে স্থানীয় ৰাইজেও অতি সোনকালে গোৰেশ্বৰ ৰেলগেটৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণ কৰি ৰাইজক তীব্ৰ যান-যঁটৰ সমস্যাৰ পৰা মুক্তি দিয়াৰ দাবী তোলে।