গোৰেশ্বৰঃ গোৰেশ্বৰত নিৰ্লজ কাণ্ড। এগৰাকী বাৰ বছৰীয়া নাবালিকাক ধৰ্ষণৰ চেষ্টা চলালে নিজ পিতৃয়ে।
বাক্সা জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত হাজলপাৰা গাঁৱত সংঘটিত হ’ল এই ঘটনা। দিবাকৰ ৰয় নামৰ পঞ্চাশ ঊৰ্দ্ধৰ লোকজনে মদ্যপায়ী অৱস্থাত নিজৰ কন্যাক ধৰ্ষণৰ চেষ্টা চলায়।
অৱশেষত কন্যা গৰাকীয়ে দৌৰি পলায়ন কৰি নিজক ৰক্ষা কৰে।ইয়াৰ পিছত মাতৃয়ে গাওঁৰক্ষী বাহিনী সম্পাদক প্ৰতাপ দাসক এই কথা অৱগত কৰে।
লগতে পঢ়কঃশোণিতপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান
গোৰেশ্বৰ থানাত এই ঘটনা অবগত কৰাৰ পিছত গোৰেশ্বৰ থানা আৰক্ষী দল এটি আহি পিতৃৰ লগতে কন্যাক থানালৈ লৈ আহে।
পূৰ্বেও পিতৃ গৰাকীয়ে কন্যাৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
উল্লেখ্য যে ঘৰত মাতৃ নথকাৰ অৱস্থাত সংঘটিত হয় এই ঘটনা। এই ঘটনাই পিছত অঞ্চলটোত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।