গোৰেশ্বৰঃ নিৰ্বাচন আহিল নিৰ্বাচন গ’ল কিন্তু সমাধান নহ’ল ৰাইজৰ সমস্যা। বাট পথৰ সমস্যাই আজিও জুৰুলা কৰি ৰাখিছে গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোপছাৰ গাঁৱবাসীক। গোৰেশ্বৰৰ গোপছাৰ গাঁৱৰ বটাবাৰী চুবুৰীৰ পথটো আজিলৈকে উন্নতিকৰণ নহ’ল। এজাক বৰষুণতে বোকাময় হৈ পৰা পথটোৰে বাহন দূৰৰে কথা খোজকাঢ়ি যোৱাৰো উপযোগী নহয়।

বাৰিষা গাওঁখনৰ কোনো ৰোগীক হস্পিতাললৈ নিবলগীয়া হ’লে ঠেলাত তুলিহে নিবলগীয়া হয়। কাৰণ এক আঠু বোকাৰে উপচি পৰা পথটোৰে কোনো এম্বুলেন্স বা চাৰিচকীয়া বাহন লৈ যাতায়ত কৰাটো সম্ভৱ হৈ নাথাকে। ইয়াৰ পূৰ্বেও নিৰ্বাচনৰ আগে বহু প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি পথটো নিৰ্মাণ হৈ নুঠিল।

লগতে পঢ়কঃঅস্বাভাৱিকভাৱে সলনি হৈছে দিখৌৰ পানীৰ ৰং; শিৱসাগৰত কৌতুহলৰ সৃষ্টি

ৰাইজে বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাছতো কোনা সুফল লাভ নকৰিলে। সেয়েহে অনতিপলমে গোপছাৰ গাঁৱৰ বটাবাৰী চুবুৰীৰ পথটো যাতায়তৰ উপযোগী কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply