গোৰেশ্বৰঃ গোৰেশ্বৰৰ সমীপৱৰ্তী দৰং জিলাৰ আন্ধেৰীঘাট চহৰৰ দীৰ্ঘদিনীয়া বাট-পথৰ সমস্যাই জ্বলাকলা খুৱাইছে ৰাইজক। আন্ধেৰীঘাট চহৰ সংযোগী কেবাটাও গড়কপ্তানি পথৰ অৱস্থা আজিলৈ শোচনীয় হৈয়ে ৰ’ল।
গুৱাহাটী-বাইহাটা চাৰিআলি, শালমাৰা -আন্ধেৰীঘাট হৈ টংলা-খৈৰাবাৰী সংযোগী পথৰ শোচনীয় অৱস্থাই দুৰ্ভোগ ভোগাইছে ৰাইজক।
আন্ধেৰীঘাট চহৰৰ চ’ক বজাৰ, চিকিৎসালয়লৈ যোৱা পথ এজাক বৰষুণতে ডুব যায়। ইয়াৰ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
আৰু পঢ়কঃজালিয়াতিৰে চাকৰি লোৱা বহু বিষয়া পুনৰ জালত পৰাৰ সম্ভাৱনা
পথৰ দুৰৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজেও যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হৈছে।
এই ক্ষেত্ৰত স্থানীয় ৰাইজে নৱ নিযুক্ত ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীক বাট-পথ সমূহৰ দুৰাৱস্থা দূৰ কৰিবলৈ আহ্বান জনাইছে।