গোৰেশ্বৰঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বেঙেনাআটীত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সত্ৰ সভা। সত্ৰ সভাৰ প্ৰথম দিনা সন্ধিয়া অনুষ্ঠিত হয় সমূহীয়া আৰিয়া প্ৰজ্বলন। গোৰেশ্বৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক ভক্তই অপায়-অমঙ্গল নাশ তথা মনোবাঞ্ছা পূৰণাৰ্থে প্ৰজ্বলন কৰে আৰিয়া। প্ৰত্যেক বছৰে ৫ বহাগৰ পৰা অনুষ্ঠিত হয় এই সত্ৰ সভা।

উল্লেখ্য যে, ১৭০০ খ্ৰীষ্টাব্দত আহোম ৰজা পূৰ্ণানন্দ সিংহৰ আক্ৰমণত মাজুলীৰ সত্ৰাধিকাৰ ৰমাকান্ত দেৱ গোস্বামীয়ে বহ্মপুত্ৰ নদীৰে ভতিয়াই আহি উত্তৰ গুৱাহাটী হৈ এই স্থান পাইছিল সেই তেতিয়াৰে পৰা বেঙেনাআটী সত্ৰ নামেৰে এই ঠাইখিনি পৰিচিত।
লগতে পঢ়কঃঢোঁল-পেঁপা গগণাৰ মাতেৰে মুখৰিত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ
প্ৰবাদ অনুসৰি, আৰিয়া সত্ৰত যি গৰাকী ভক্তই আৰিয়া দিয়ে তেওঁৰ হেনো মনোকামনা পূৰ্ণ হয়, এই লোক বিশ্বাসক সৰোগত কৰি অসমৰ ভিন্ন প্ৰান্তৰ ৰাইজে এই সত্ৰত উপস্থিত হৈ আৰিয়া প্ৰজ্বলন কৰে।