গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰৰ গেৰুৱাস্থিত ড° এ পি জে আব্দুল কালাম একাডেমিৰ ব্যতিক্ৰমী পদক্ষেপ। একাডেমীৰ উদ্যোগত পিতৃ-মাতৃ পূজ্য দিৱস উদযাপন।
পিতৃ-মাতৃ আৰু সন্তানক আন্তৰিক ভাৱে ওচৰ চপাই অনাৰ লগতে ছাত্ৰ-ছাত্ৰীক নৈতিক ভাৱে সবল কৰাৰ এক মহান উদ্দেশ্য আগত ৰাখি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ড° এ পি জে আব্দুল কালাম একাডেমিয়ে গ্ৰহণ কৰিছে এই প্ৰশংসনীয় পদক্ষেপ।
প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে ভগৱান স্বৰূপ পিতৃ-মাতৃক সেৱা জনাবলৈ ,তেওঁলোকৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আৰু ভৱিষ্যত জীৱনত আগুৱাই যাবলৈ নৈতিক ভাৱে সবল কৰিবলৈ আয়োজিত হয় এই পিতৃ-মাতৃ পূজ্য দিৱস।
লগতে পঢ়কঃসোণাৰি জাতীয় বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ সামৰণি
প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ প্ৰাংগনত নিজৰ পিতৃ-মাতৃৰ ভৰি ধুই চৰণ চুই সেৱা জনোৱাৰ লগতে পিতৃ-মাতৃৰ আশীৰ্বাদ লোৱা মূহুৰ্তই আবেগিক কৰি তুলে সকলোকে।
এই উপলক্ষে এখনি সভাৰো আয়োজন কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন নৃত্য গীতৰ অনুষ্ঠানৰে জীপাল কৰি তোলে ড০ এপিজে আব্দুল কালাম একাডেমিৰ বাকৰি।
এনে অনুষ্ঠানৰ বাবে একাডেমীৰ পৰিচালনা সমিতি, অধ্যক্ষ তথা শিক্ষক-শিক্ষয়িত্ৰীক প্ৰশংসা কৰিছে অভিভাৱক-অভিভাৱিকাসকলে।