গোৰেশ্বৰঃ শৰৎ কালৰ আগমনৰ লগে লগে পুনৰ আহিছে উৎসৱৰ বতৰ। বিগত বছৰ দুটাত ক’ভিডৰ বাবে পূজা-পাৰ্বণ নোহোৱাত মৃৎশিল্পী সকল যথেষ্ঠ ক্ষতিগ্ৰস্ত হৈছিল যদিও এইবেলি পূজা অনুষ্ঠিত হ’ব বুলি ৰাজ্য চৰকাৰৰ সেউজ সংকেত লাভ কৰাত কিছু আশাৰ সঞ্চাৰ হৈছে।
মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ পিছতো বহু কষ্টৰে মৃৎশিল্পীসকল সাজু হৈ উঠিছে। গোৰেশ্বৰৰ প্ৰখ্যাত মৃৎশিল্পী কানাই পালো সাজু হৈছে আগন্তুক পূজাৰ বাবে।
লগতে পঢ়কঃচাউল সিজোৱাৰ পিছতেই হৈ পৰে বেঙুনীয়া!চিন্তিত ৰাইজ
কিন্তু সামগ্ৰী সমূহৰ মূল্যবৃদ্ধিয়ে কানাই পালৰ দৰে শিল্পী সকলৰ জীৱন-জীৱিকা যথেষ্ঠ প্ৰভাৱ পেলাইছে।
কিন্তু সকলো শ্ৰেণীৰ লোকে যাতে পূজা কৰিব পাৰে তাৰ বাবে মূৰ্ত্তিৰ দাম বৃদ্ধি কৰিব পৰা নাই এই সকল শিল্পীয়ে। তথাপি নিজৰ সাতাম পুৰুষীয়া বৃ্ত্তিটো ধৰি ৰখাৰ স্বাৰ্থত কষ্টৰে ধৰি ৰাখিছে মৃৎশিল্প।