গোৰেশ্বৰঃ বাক্সা জিলাৰ অন্যতম চহৰ গোৰেশ্বৰৰ বাছষ্টেণ্ডত থকা ষ্ট্ৰীট লাইট দীৰ্ঘদিন ধৰি বিকল হৈ থকাত চিন্তিত হৈছে স্থানীয় লোকৰ লগতে ব্যৱসায়ী সকল।
ইয়াৰ ফলত গোৰেশ্বৰত সঘনাই চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে। লগতে বাছষ্টেণ্ডত নিশা পৰ্যন্ত ভিন্ন স্থানৰ লোকৰ সমাগম ঘটাৰ পৰিপ্ৰেক্ষিতত ষ্ট্ৰীট লাইটটোৰ অভাৱত যথেষ্ঠ অসুবিধাৰো সন্মুখীন হৈছে স্থানীয় লোকসকলৰ সৈতে ব্যৱসায়ীসকল।
লগতে পঢ়কঃমৰাণৰ বুঢ়ীদিহিঙৰ পাৰে পাৰে হালধীয়া দলিচা
উল্লেখযোগ্য যে, গোৰেশ্বৰ পৌৰসভাৰ অধীনত থকা গোৰেশ্বৰ বাছষ্টেণ্ডৰ ষ্ট্ৰীট লাইট বিগত এমাহ ধৰি বন্ধ হৈ আছে যদিও গোৰেশ্বৰ পৌৰ সভাই এতিয়ালৈ ভাল কৰাৰ ব্যৱস্থা কৰা নাই যাৰ ফলত সন্ধিয়াৰ লগে লগেই অন্ধকাৰ হৈ পৰে গোৰেশ্বৰ চহৰখন।
এই ক্ষেত্ৰত গোৰেশ্বৰ পৌৰসভাক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজ আৰু ব্যৱসায়ী সকলে।