গোৰেশ্বৰঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰত অসম নাট্য সন্মিলনৰ গোৰেশ্বৰ শাখাৰ উদ্যোগত গোৰেশ্বৰৰ দুটাকৈ স্থানত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন।
ড্ৰাগছ আসক্ত যুৱকসকলক কিদৰে ধ্বংসৰ পথলৈ লৈ যায় তাকেই বাটৰ নাটৰ জৰিয়তে প্ৰদৰ্শন কৰে সন্মিলনৰ সদস্যসকলে।
গোৰেশ্বৰ অৰ্ধসপ্তাহিক বজাৰৰ দুটাকৈ স্থানত পৰিৱেশন কৰা এই বাটৰ নাটে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়কঃগোৰেশ্বৰৰ বালাবাৰীত অজগৰ উদ্ধাৰ
বিশিষ্ট অভিনেতা তথা নাট্যকৰ কবিন ৰাজৰ পৰিচালনাত প্ৰদৰ্শিত এই বাটৰ নাটত অভিনয় কৰে উজ্জল শইকীয়া, মাধৱ দাস,সোনাৰাম ৰাজবংশী,মালতী শৰ্মা,কুলদীপ শৰণীয়া আৰু কবিন ৰাজে ।