গোৰেশ্বৰঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰামছা গাঁৱৰ মহিলাসকলৰ প্ৰশংসনীয় পদক্ষেপ। ৰামছা গাঁওখনক আদৰ্শ গাঁও হিচাপে ৰূপায়িত কৰাৰ প্ৰয়াস ৰামছা গাঁৱৰ মহিলাসকলৰ। গাঁৱখনৰ পৰা অস্বাস্থ্যকৰ পৰিবেশ দূৰ কৰাই এক সুন্দৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে ওলাই আহিল ৰামছা গাঁৱৰ মহিলাসকল। ৰামছা গাঁৱৰ শতাধিক মহিলা একত্ৰিত হৈ প্ৰথমে তেওঁলোকে ৰাজহুৱা নামঘৰত চাফাই অভিযান চলাই তাৰ পিছত তেওঁলোকে ৰাজহুৱা প্ৰেক্ষাগৃহৰ লগতে বিদ্যালয়ত চাফাই অভিযান চলাই এক সুন্দৰ পৰিবেশ গঢ়ি তোলে।
লগতে পঢ়কঃজনপ্ৰিয় কন্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গীতৰ অনুষ্ঠানে মুগ্ধ কৰিলে ধলাইবিলবাসী ৰাইজক
এনেদৰে মহিলাসকলে নিজৰ গাঁওখন চাফ চিকুণ কৰি আদৰ্শ গাঁও হিচাপে ৰূপায়িত কৰাৰ প্ৰতিজ্ঞাবদ্ধৰে আন গাঁৱৰ মহিলাসকলকো অনুৰোধ জনায় লগতে গাওঁখনত ডাষ্টবিন দিবলৈ গোৰেশ্বৰ চহৰৰ পৌৰসভাকো অনুৰোধ জনায়। ৰামছা গাঁৱৰ মহিলাসকলৰ এনেধৰণৰ প্ৰশংসনীয় পদক্ষেপক শলাগিছে অঞ্চলবাসীয়ে।