গোৰেশ্বৰঃ কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ অধীনৰ তথা বাইহাটা চাৰিআলি আৰক্ষী থানা এলেকাৰ পাতিদৰং বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ ডেকাই কেইবাগৰাকীয়ো ছাত্ৰীক মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ কৰোৱাৰ প্ৰলোভনৰে অশ্লীল প্ৰস্তাৱ দিয়াৰ অডিঅ’ ভাইৰেল হৈ পৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
প্ৰধান শিক্ষকজনৰ এনে কৰ্মৰ বিৰুদ্ধে ভুক্তভোগী ছাত্ৰী কেইগৰাকীৰ অভিভাৱকে স্থানীয় থানাত এজাহাৰ দাখিল কৰে।
জানিব পৰা মতে, এজাহাৰ লাভ কৰাৰ পিছতেই আৰক্ষীয়ে ১০৬/২২নম্বৰত এটা গোচৰ ৰুজু কৰিছে যদিও অভিযুক্তক বৰ্তমানলৈকে আটক কৰা নাই ৷ প্ৰধান শিক্ষকজনৰ লজ্জ্বাজনক কৰ্মকাণ্ডৰ তথ্য শিক্ষা বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষই জ্ঞাত হোৱাত চলিত মেট্ৰিক পৰীক্ষাৰ ভাৰপ্ৰাপ্ত দায়িত্বৰ পৰা আঁতৰাই দিয়াৰ উপৰিও পৰীক্ষাৰ দিনকেইটাত পৰীক্ষা কেন্দ্ৰৰ চৌহদত প্ৰবেশৰ নিষিদ্ধ কৰা বুলি জানিব পৰা গৈছে। লম্পত প্ৰধান শিক্ষক জনক গ্ৰেপ্তাৰ কৰি দৃস্তান্তমূলক শাস্তি প্ৰদানৰ বাবে বৌদ্ধিক মহলে দাবী উত্থাপন কৰিছে। প্ৰধান শিক্ষক গৰাকীক উচিত শাস্তি প্ৰদান কৰাৰ দাবীত বৃহস্পতিবাৰে টায়াৰ জ্বলাই বিদ্যালয়ৰ চৌহদত প্ৰতিবাদ সাবাস্ত কৰে ক্ষুব্ধ ৰাইজে।