গোৰেশ্বৰঃ ৰাজ্যত চৰকাৰে একাংশ ভেন্সাৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰিলে যদিও আন একাংশ শিক্ষকে চৰকাৰৰ ৰঙা ফিটাৰ মেৰ পেচৰ বাবে পদ প্ৰাদেশিকীকৰণ হোৱাৰ পৰা বঞ্চিত হ’ব লগীয়া হ’ল।

অধিকাংশ শিক্ষকে আকৌ টিউটৰ কৰিয়েই সন্তুষ্টি লভিবলগীয়া হ’ল। তেনে সময়তে বাক্সা জিলাৰ গোৰেশ্বৰৰ এগৰাকী ভেন্সাৰ শিক্ষকে এতিয়া দুৰ্ঘটনাত পতিত হৈ চিকিৎসাৰ বাবে হাবাথুৰি খাব লগা হৈছে।

যি সময়ত ২৫-৩০ বছৰ বিনা বেতনে শিক্ষকতা কৰাৰ পিছতো চৰকাৰৰ পৰা ফুটা কড়ি এটাও নাপালে তেনে সময়তে গোৰেশ্বৰৰ বেঙেনাহাটী হাইস্কুলৰ শিক্ষক ৫নং গোৰেশ্বৰ গেৰুৱা নিবাসী আইনুল হকে যোৱা ৩ জুলাই শনিবাৰে বিদ্যালয়ৰ পৰা উভটি আহি থকাৰ সময়তে এটি দুৰ্ঘটনাত পতিত হৈ এতিয়া বিচনাতে দিন অতিবাহিত কৰিবলগীয়া হৈছে।

লগতে পঢ়কঃমাৰ্ঘেৰিটাৰ লিডুত পৰিমল শুক্লবৈদ্যৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ

১৯৯৬ চনত স্থাপিত বেঙেনাহাটী হাইস্কুলত প্ৰতিষ্ঠা কালৰে পৰা শিক্ষকতা কৰি ভেন্সাৰ বিদ্যালয়তে জীৱনৰ ২৮ টা বছৰে অতিবাহিত কৰিলে। কিন্তু প্ৰাদেশিকীকৰণ নহ’ল বিদ্যালয়খন। যাৰ বাবে এতিয়া উন্নত চিকিৎসাৰ বাবেও হাহাকাৰ কৰিব লগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে।

সেয়েহে বিনা বেতনে শিক্ষকতা কৰি জীৱন অতিবাহিত কৰা আইনুল হকে চৰকাৰ তথা সদাশয় ৰাইজৰ পৰা সহায় বিচাৰিছে।

তেওঁক কোনো হৃদয়বান লোকে সহায় আগবঢ়াব বিচাৰিলে ষ্টেট বেংকৰ গোৰেশ্বৰ শাখা একাউন্ট নম্বৰ -৩০৪১০৮৬৬৩১২ আইএফএচচি নম্বৰ- এছবিআই এন ০০১০৪১৩ সহায় আগবঢ়াব পাৰে। ৯৪০১৩ ৮৭৫৫০নম্বৰ যোগে ফোন কৰি যোগাযোগ কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,282 other subscribers

Leave a comment

Leave a Reply