গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত ছাগলী চোৰৰ উপদ্ৰৱ।
দিন দুপৰতে এখন ৱেগনাৰ গাড়ী লৈ ছাগলী চোৰ কৰিবলৈ অহা চাৰি চোৰক মুকন্দপুৰৰ ৰাইজে আটক কৰি উত্তম মধ্যম দি গোৰেশ্বৰ আৰক্ষীক গতাই দিয়ে।
চোৰ কেইটাই গোৰেশ্বৰৰ মুকণ্ডপুৰত গাড়ীত ছাগলী ভৰাই থকাৰ সময়তে প্ৰত্যেক্ষ কৰে স্থানীয় লোকে।
লগতে পঢ়কঃহাইলাকান্দিৰ ৰাজপথত উত্তাল প্ৰতিবাদ
তাৰ পিছতে ব্যক্তিজনে হুৱা-দুৱা লগাই আৰু ঘটনাস্থলীত ৰাইজ আহি উপস্থিত হৈ চোৰ কেইটাক ধৰিবলৈ সক্ষম হয়।
স্থানীয় ৰাইজে গোৰেশ্বৰ আৰক্ষীক খবৰ দিয়ে আৰু চোৰ কেইটাক উত্তম মধ্যম দি আৰক্ষীক চমজাই দিয়ে।
জানিব পৰা মতে চোৰ কেইটা গুৱাহাটী বিৰুৱাৰীৰ ৰাজেন ৰাজভান( ৩৬), গুৱাহাটী বিৰোবাৰী
চানু সিংহ (৩১), গোৰেশ্বৰ বেটাগাওঁ আকাশ বৰ্মন (২৫) আৰু গোৰেশ্বৰ বেটাগাওঁৰ মনমোহন বৰ্মন (৫২) ।
ইতিমধ্যে গোৰেশ্বৰ থানাত এখন এজাহাৰ দাখিল কৰিছে গৃহস্থই।