গোৰেশ্বৰঃ গোৰেশ্বৰৰ গুৰমৌত এখন ব্যতিক্ৰমী বিবাহ। কিন্তু এইবাৰ দৰা-কইনা জীৱন্ত নহয়। পুতলাৰে দৰা-কইনা সাজি বিবাহ সম্পন্ন কৰা হৈছে। তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ গুৰমৌ গাঁৱৰ ভোটখলাত দুদিনীয়াকৈ আয়োজিত জালি-পুতলি বিয়া উৎসৱৰ বুধবাৰে সামৰণি পৰে।

উল্লেখ্য যে, পূৰ্বপুৰুষৰ পৰা এলেকাটোত চলি অহা জালি-পুতলি বিয়া উৎসৱটি জাকজমকতাৰে পালন কৰি অহা হৈছে। গাঁৱৰ আইতাসকলে ঊল,খেৰেৰে পুতলা সাজি জালি পুতলি বিয়া উৎসৱটি পালন কৰি আহিছে। জনগোষ্ঠীটোৰ লোকবিশ্বাস অনুসৰি স্বৰ্গত থকা আদি মানৱ মৌন ছিং ছিং বুঢ়াক উৎসৱত প্ৰধান স্থান দিয়া হয়।

লগতে পঢ়কঃভাবি স্বামী ৰাণাৰ যোগেদি লাখে লাখে ধন আত্মসাৎ কৰিছিল SI জোনমণি ৰাভাই!

তেওঁ বড়ো-কছাৰীসকলৰ মনত মহা ধাৰ্মিক আৰু জ্ঞানী পুৰুষ আছিল৷ ৰাওনা-ৰাওনি অসন্তুষ্ট হ’লে মানুহ বিভিন্ন বেমাৰ আজাৰত আক্ৰান্ত হয় বুলি লোকবিশ্বাস অনুসৰি উক্ত উৎসৱত পূজা-পাতলক বিশেষ স্থান দি অহা হৈছে৷ ইফালে জালি পুতলি বিয়া উৎসৱৰ পূৰ্বে গাঁৱৰ আইতাসকলে প্ৰতিঘৰৰ পৰা ঊল,খেৰ সংগ্ৰহ কৰি ৰাওনা আৰু ৰাওনি অৰ্থাৎ জালি পুতুলি পুতলা সাজে৷ আনফালে পুৰুষসকলে কলৰ এখন ভূঁৰ সাজে৷ সেই ভূঁৰৰ ওপৰত কলৰ গছৰ বাকলিৰে (দোনা) ঘৰ সাঁজে৷ সেই ঘৰটিৰ ভিতৰত ৰাওনা-ৰাওনিক দৰা-কইনা সজাই বহুৱাই দিয়া হয়৷ ইয়াৰ পিছতেই গাঁৱৰ জনগোষ্ঠীটোৰ প্ৰতিটো পৰিয়ালৰ সদস্যই গৈ নিৰ্দিষ্ট ঠাইত উপস্থিত হয় আাৰু মনোবাঞ্ছা পূৰ্ণ হোৱাৰ কামনাৰে পূজা কৰি সেৱা লোৱাৰ পিছতে চিফুং ,মাদল ,জথা (খুঞ্জীৰী)ৰ তালে তালে নৃত্য গীত কৰে৷ এই নৃত্য গীতৰ অন্তত সকলোৱে কলৰ ভুঁৰখনত ৰাওনা-ৰাওনিক উঠাই লৈ এক দীঘলীয়া সমদল কৰি নি ওচৰৰ নৈত উটুৱাই দিয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply