গোৰেশ্বৰঃ গোৰেশ্বৰৰ নিকটৱৰ্তী সূতাৰগাঁও মধ্য পাতিদৰং জনকল্যাণ সংঘৰ বাকৰিত অসম নাট্য সন্মিলন পাতিদৰং শাখাৰ উদ্যোগত তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে শীতকালীন নাট কৰ্মশালা অনুষ্ঠিত হয়।

এই নাট কৰ্মশালাৰ জৰিয়তে বৃহত্তৰ গাছবাৰী, মুক্তাপুৰ পাতিদৰং অঞ্চলৰ উঠি অহা যুৱক-যুৱতীকে ধৰি নতুন প্ৰজন্মৰ মাজত নাটকৰ প্ৰতি এক ধাউতি জাগ্ৰত কৰি এক নতুন চিন্তাৰ গঢ় দিয়াই তেওঁলোকৰ প্ৰধান উদ্দেশ্য।

লগতে পঢ়কঃগোৱালপাৰাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

উক্ত নাট কৰ্মশালাত বৃহত্তৰ অঞ্চলৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, কৰ্মশালাৰ সৈতে সংগতি ৰাখি পুৱাৰ ভাগত পতাকা উত্তোলন , শ্বহীদ তৰ্পন , গছপুলি ৰোপন আদি বিভিন্ন কাৰ্যসূচীৰে নাট কৰ্মশালাৰ আৰম্ভ হয়।

শংকৰদেৱ কলা-কৃষ্টি কেন্দ্ৰৰ অধ্যক্ষ বেণুধৰ পাটোৱাৰীয়ে প্ৰশিক্ষাৰ্থীসকলক অভিনয়ৰ লগতে মানসিক আৰু শাৰীৰিক উৎকৰ্য সাধনৰ কৌশলৰ বিষয়ে বাস্তৱিক জ্ঞান দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply