বৰপেটা : অসম চৰকাৰৰ তদানীন্তন বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত ২০১৮ চনত ঘোষণা কৰা অনুসৰি শীঘ্ৰেই গৰিয়া-মৰিয়া-দেশী সকলৰ সুকীয়া জৰীপ কৰি জনগোষ্ঠী তিনিটাক জনগোষ্ঠীয় পৰিচয় প্ৰদানৰ দাবী উত্থাপন। একেদৰে উন্নয়ন নিগম গঠনৰো দাবী জনায় সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক হাছিফুল ইছলামে।

এক সংবাদমেলৰ জৰিয়তে বিটিআৰত বসবাস কৰা গৰিয়া-মৰিয়া-দেশী সকলক ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী জনায় সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে। চলিত মাহত অসম চৰকাৰৰ কেবিনেট বৈঠকখন বঙাইগাঁওত অনুষ্ঠিত হ’ব আৰু এই বৈঠকতে উপৰোক্ত ঘোষণা তথা দাবী সমূহ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণৰ ঘোষণা কৰাৰ বাবে সংবাদমেলযোগে দাবী জনায় সংগঠনটোৱে।

লগতে পঢ়ক : যোৰহাট পৌৰসভালৈ Best Self- Sustainable City ৰ সন্মান

সংবাদমেলত উপস্থিত থাকে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক আতিকুল হক, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মফিদুল হক, বৰপেটা জিলাৰ সাধাৰণ সম্পাদক চলমান হুছেইন বঙাইগাঁও জিলা সভাপতি নুৰুল আমিন শইকিয়া বঙাইগাঁও জিলাৰ সাধাৰণ সম্পাদক জহিৰুল ইছলামৰ লগতে ভেল্লা আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply