গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীত অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে এজনে।

নিহত লোকজনৰ নাম গুলজাৰ হুছেইন (৫৫)।

গৰৈমাৰীৰ খাৰিদলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷

জানিব পৰা মতে, অগ্নিকাণ্ড সংঘটিত হোৱা ঘৰটোত নাছিল কোনো বিদ্যুতৰ ব্যৱস্থা ৷ মমবাতিৰ জুইৰ পৰা অগ্নিৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷

স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰাৰ পিছতহে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ৷

লগতে পঢ়কঃবোকাখাতত গোলাঘাট জিলা মল্লযুঁজ সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন

অগ্নিকাণ্ডত ঘৰটোত থকা সকলো আচবাব পত্ৰ, ধান, চাউল নগদ ধনসহ প্ৰায় ৫ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয় ৷

গৰৈমাৰী আৰক্ষীয়ে ইতিমধ্যে মৃত ব্যক্তিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply