গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীত বজ্ৰপাত পৰি ভস্মীভূত হ’ল এটা পৰিয়ালৰ বাসগৃহ। গৰৈমাৰীৰ হাতীশলাপামৰ দৰিদ্ৰ আছাদ আলী নামৰ লোকজনৰ বাসগৃহত বজ্ৰপাত পৰি সকলো নথিপত্ৰসহ পাঁচ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয়৷

লগতে পঢ়কঃগাড়ীসহ সমবায় সমিতিৰ চোৰাং চাউল জব্দ

কোনোমতে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ লোককেইজন। পৰিয়ালটোক সহায় কৰিবলৈ জৰুৰীকালীন সেৱাত কৰ্মৰত কোনো এজন বিষয়া কৰ্মচাৰী উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি ৰক্ষা পৰে ওচৰৰ কেবাটাও পৰিয়ালৰ বাসগৃহ৷ পুৱতি নিশা ২বাজি৩০ মিনিটত এই ঘটনা সংঘটিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply