নিউজ ডেস্কঃ দৰং জিলা প্ৰশাসনৰ তৎপৰতাত মঙলবাৰে গৰুখুটিৰ উচ্ছেদিত লোকক স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হয়। দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী, আৰিমাৰি অঞ্চললৈ ৫০টা পৰিয়ালক স্থানান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।
ইফালে, মঙলবাৰে পুৱা ভাগৰ পৰাই উচ্ছেদিত লোকসকলে নিজেই বয়বস্তু বান্ধি যাবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, গৰুখুটিৰ উচ্ছেদিত ২০৫১টা পৰিয়ালৰ ক্ষতিগ্ৰস্ত হোৱা বুলি চৰকাৰৰ ওচৰত পুনৰ সংস্থাপন বিচাৰি আমছুকে ধৰি বিভিন্ন দল-সংগঠনে জনাইছিল আৱেদন। আৰু মঙলবাৰে ইয়াৰে ৫০টা পৰিয়ালক দলগাঁৱত স্থানান্তৰৰ বাবে সাজু হৈছে দৰং জিলা প্ৰশাসন।