গোসাইগাঁওঃ গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চেগুন কাঠ।
এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই মা কামাখ্যা ধাবাত ৰখাই থোৱা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে চেগুন কাঠ ভৰ্তি ট্ৰাকখন।
জব্দ কৰা HR 73 A – 6769 নম্বৰৰ ১২ চকীয়া ট্ৰাকখনত আছিল বাৰ্মাৰ চোৰাং চেগুন কাঠ।
উক্ত কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় ৪০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
ট্ৰাকখন গুৱাহাটীৰ পৰা কলিকতালৈ গৈ আছিল।