ৰূপহীহাট : আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। সমগ্ৰ দেশতে ১৯৯১ চনৰে পৰাই এক জুলাই দিনটোত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি দেশৰ বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ সময়ত সন্মুখৰ পৰা যুঁজ দি অহা চিকিৎসক ও চিকিৎসা কৰ্মী সকলক উৎসাহিত কৰি মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে ৰূপহীহাট সমষ্টিত উপস্থিত হয় গৌৰৱ গগৈ।

সমষ্টিটোৰ বিধায়ক নুৰুল হুদাৰ সহিতে ৰূপহীহাট সমষ্টিৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰ সমূহৰ চিকিৎসক ও চিকিৎসা কৰ্মী সকলৰ কাষত আহি উপস্থিত হৈ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। চিকিৎসক ও চিকিৎসাকৰ্মী সকলক সম্বৰ্ধনা জনাই উৎসাহিত কৰাৰ লগতে চিকিৎসা কৰ্মীসকলক চিকিৎসাৰ লগত জড়িত বিভিন্ন সা-সামগ্ৰীও বিতৰণ কৰে সাংসদ গৌৰৱ গৰাকীয়ে।

লগতে পঢ়ক : ব্লেক ফাংগাছত আক্ৰান্ত হৈ ৰাজ্যৰ দ্বিতীয়জন লোকৰ মৃত্যু, এইবাৰ ডিব্ৰুগড়ত

ইফালে চিকিৎসক দিৱসৰ দিনাই ভেকচিন প্ৰদান কৰাকলৈ চৰকাৰক কঠোৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ। ভেকচিন প্ৰদানৰ ক্ষেত্ৰত প্ৰথম মাহতে ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গৰাকীয়ে। ইপিনে চৰকাৰে দহদিনত ত্ৰিশ লাখক লোকক ভেকচিন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে ষোল্ল লাখ লোককহে ভেকচিন প্ৰদান কৰিছে বুলি চৰকাৰক তীব্ৰ সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply