ধুবুৰীঃ ধুবুৰীৰ গৌৰীপুৰত জব্দ অবৈধ চুপাৰী ভৰ্তি দুখনকৈ বলেৰ পিক আপ ভান। নিতৌ মেঘালয়ৰ পৰা নদী পথেৰে ধুবুৰী হৈ বহিঃৰাজ্যলৈ সৰবৰাহ কৰা হয় অবৈধ চুপাৰী। যোৱানিশা গৌৰীপুৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই পানবাৰী চিতলকাটিৰ পৰা অবৈধ চুপাৰী ভৰ্তি দুখন বলেৰ পিক আপ ভান জব্দ কৰে।

লগতে পঢ়কঃ৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱা মইদুল ইছলামৰ এনকাউণ্টাৰ
জব্দ কৰা বাহন দুখনৰ নম্বৰ WB 69 A- 4961 আৰু AS 18 C- 9855। বলেৰ’ পিক আপ ভান দুখন জব্দ কৰাৰ লগতে চালক সহ তিনিজনক আটক কৰে গৌৰীপুৰ আৰক্ষীয়ে। তিনিওকে সোধাপোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে, মেঘালয়ৰ পৰা ব্ৰহ্মপুত্ৰ হৈ নদী পথেৰে টীপকাই নৈৰ চিতলকাটি ঘাটলৈ নাওৰে সৰবৰাহ কৰিছিল চুপাৰী খিনি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply