শিৱসাগৰ : শিৱসাগৰত চৰকাৰী চাকৰি ওলাইছে। জিলাখনৰ পাঁচখন ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁওৰ বাবে স্থানীয় প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। আবেদকাৰীয়ে অসম গেজেটৰ খণ্ড IX ত প্ৰকাশিত প্ৰ-পত্ৰত আবেদন কৰিব লাগিব। আবেদনৰ অন্তিম তাৰিখ ৩০ জুলাই।
শিৱসাগৰ জিলাৰ শিৱসাগৰ, আমগুৰি আৰু নাজিৰা ৰাজহ কৰাৰ বেতবাৰী, জকাইচুক, শলগুৰি আৰু নাজিৰা মৌজাৰ অন্তৰ্গত তামুলীপুখুৰী গাঁও, ২ নং কোঁৱৰ গাঁও, দিচিয়াল গাঁও শেনছোৱা নামদংগীয়া গাঁও আৰু লিকছন গাঁৱৰ বাবে খালি হৈ থকা চৰকাৰী গাঁওবুঢ়া পদসমূহ পূৰণ কৰিবৰ বাবে স্থানীয় উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। আবেদকাৰীয়ে অসম গেজেটৰ খণ্ড IX ত প্ৰকাশিত প্ৰ-পত্ৰত আবেদন কৰিব লাগিব।
আবেদনকাৰীয়ে কোনখন গাঁৱৰ গাঁওবুঢ়া পদৰ বাবে আবেদন কৰিছে সেই গাঁৱৰ নাম উল্লেখ কৰাৰ লগতে আবেদনকাৰীৰ মোবাইল নম্বৰ স্পষ্টকৈ আবেদনত সন্নিবিষ্ট কৰাটো বাধ্যতামূলক। আবেদনকাৰীয়ে নিজৰ আবেদন পত্ৰ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অহা ইংৰাজী ৩০.০৭.২০২১ তাৰিখৰ ভিতৰত দাখিল কৰিব লাগিব।
আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাৰ লগতে আবেদন কৰা গাঁওখনৰ স্থায়ী বাসিন্ধা হ’ব লাগিব। আবেদনকাৰীৰ বয়স ২৫ বছৰ হব লাগিব আৰু শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱে সবল হ’ব লাগিব। আবেদনকাৰী আৰ্থিকভাৱে দেৱলীয়া আৰু কোনো চৰকাৰী ধনৰ দেনাদৰ হ’ব নালাগিব।
আবেদনকাৰী চৰকাৰী চাকৰিয়াল নোহোৱাত লগতে সংশ্লিষ্ট গাঁৱত স্থবৰ সম্পত্তি থাকিব লাগিব আবেদনকাৰীৰ। আবেদনকাৰীজন কোনো ৰাজনৈতিক দলৰ সদস্য নোহোৱাৰ লগতে সমাজৰ এজন উচ্চ মৰ্যাদা সম্পন্ন তথা সন্মানীয় ব্যক্তি হ’ব লাগিব আবেদনকাৰীজন। ইয়াৰ লগতে আবেদনকাৰীজন প্ৰাকৃতিক দুৰ্যোগ বা অন্য চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণকাৰী তথা চৰকাৰক সহযোগ কৰা ব্যক্তি হোৱাটো বাঞ্চনীয়।
লগতে পঢ়ক : গোৰেশ্বৰত পথৰ শোচনীয় অৱস্থা!ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত
ইয়াৰ লগতে আবেদনকাৰী জনৰ দুটাতকৈ অধিক সন্তান থাকিব নালাগিব। আবেদনকাৰী জনে আবেদন পত্ৰত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, বয়স আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, বাকীজাই দেনামুক্ত প্ৰমাণপত্ৰ, মৌজাদাৰৰ মতামত সম্বন্ধীয় প্ৰমাণপত্ৰ জমা দিব লাগিব। ইয়াৰ লগতে স্থবৰ সম্পত্তিৰ প্ৰমাণপত্ৰ আৰু আবেদনকাৰীজনৰ দুটাতকৈ অধিক সন্তান নাই বুলি স্পষ্ট উল্লেখ কৰি এখন শপত নাম দাখিল কৰিব লাগিব।