মৰাণৰ পৰা স্বপনীল দেউৰীঃ মৰাণত SBI গ্ৰাহক সেৱাকেন্দ্ৰ সমূহত পুৱাৰে পৰা মহিলাৰ ভিৰ। কাৰণ দুপালি ভেকচিন লোৱা মহিলাক চৰকাৰে অনুদান হিচাপে দিব দুহেজাৰৰ পৰা পাঁচ হাজাৰ টকালৈ ধন।
এই ধন ল’বলৈ এতিয়া SBIৰ সন্মুখত গ্ৰাহকৰ ভিৰ। মহিলাৰ ভিৰ দেখি বিমোৰত পৰিছে গ্ৰাহক সেৱা কেন্দ্ৰৰ এজেণ্টসকল।
দৰাচলতে SBI এজেণ্ট সকলক এটা নিৰ্দেশ দিয়া হৈছিল যে ভেকচিন লোৱা মহিলাসকলৰ নাম পঞ্জীয়ন কৰিব লাগে। ইয়াৰ বাবে মহিলা সকলে বেংকৰ একাউণ্ট নম্বৰ আৰু ম’বাইল নম্বৰ জমা দিব লাগিব।
লগতে পঢ়কঃ‘আমাক ন্যায় লাগে’ চৰকাৰলৈ শিক্ষকসকলৰ অনুৰোধ
ইয়াকে কোনো লোকে উৰাবাতৰি প্ৰচাৰ কৰি দিলে যে দুপালি ভেকচিন লোৱা মহিলাসকলক চৰকাৰে দিব ধন। সেই মৰ্মেই দহো বন কাটি কৰি মৰাণৰ সমীপৰ খোৱাঙৰ SBI গ্ৰাহক সেৱা কেন্দ্ৰসমূহত ভিৰ কৰিছে মহিলা সকলে। যাৰ বাবে এতিয়া বিমোৰত পৰিব লগা হৈছে SBIগ্ৰাহক সেৱাকেন্দ্ৰ সমূহৰ এজেণ্ট সকল।