আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নৱনিৰ্মিত চাহ বাগিচা আদৰ্শ হাইস্কুলসমূহৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ এক শৈক্ষিক কৰ্মশালাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ।এই অনুষ্ঠানত অধ্যক্ষসকলক বিদ্যালয়সমূহক আদৰ্শ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰিবলৈ সমৰ্পিত মনোভাবেৰে কাম কৰাৰ লগতে বিদ্যালয় পৰিদৰ্শকৰ দ্বাৰা এই বিদ্যালয়সমূহ সঘনাই পৰিদৰ্শন কৰাৰ পোষকতা কৰে মুখ্যমন্ত্ৰীয়ে।
ৰাজ্য চৰকাৰে আজি কেবিনেটত ৰাজ্যত ১৩ খন নতুন আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনাইছে। চৰকাৰে চাহ বাগিচা অঞ্চলত ৯৭ খন আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছে
শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত চাহ মুখ্যমন্ত্ৰীয়ে বাগিচা অঞ্চলত শৈক্ষিক আন্তঃগাঁথনি বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ১১৯খন আদৰ্শ হাইস্কুল স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে কৰিছে বুলি মন্তব্য কৰে। অহা ১০ মে’ৰ পৰা চাহ বাগিচা অঞ্চলৰ ৯৭খন আদৰ্শ হাইস্কুলৰ শৈক্ষিক বৰ্ষ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
ইয়াৰ লগতে ২২খন আদৰ্শ হাইস্কুল অহা বছৰৰ পৰা কাৰ্যকৰীকৰণ, ৮১খন অতিৰিক্ত আদৰ্শ হাইস্কুল স্থাপন, আদৰ্শ হাইস্কুলসমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা টে’ট শিক্ষকক চাহ বাগিচাৰ আদৰ্শ উচ্চ বিদ্যালয়ত যোগদান কৰাৰ সুযোগ দিয়াকে ধৰি চৰকাৰৰ কেইবাটাও পদক্ষেপ তথা পৰিকল্পনাৰ কথা এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
চাহ বাগিচা এলেকাৰ শিক্ষাৰ্থীৰ বাবে মধ্যাহ্ন ভোজনৰ উপৰিও প্ৰাতঃ আহাৰৰ ব্যৱস্থা কৰিছে চৰকাৰে। বাগানৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক পুৱাই কামলৈ ওলাই যায়। ফলত লঘোণে বিদ্যালয়লৈ যাবলগীয়া হয় শিক্ষাৰ্থী সকল। সেই বাবেই এই ব্যৱস্থা চৰকাৰে লোৱাৰ কথা সভাত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
এই অনুষ্ঠানত মন্ত্ৰীদ্বয় ডাঃ ৰণোজ পেগু, সঞ্জয় কিষাণ আৰু শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্ত, ছেবাৰ অধ্যক্ষ আৰ চি জৈনৰ লগতে আন বহুকেইগৰাকী জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত থাকে।