নিউজ ডেস্কঃ অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি চৰকাৰী কৰ্মচাৰীসকলে আজিৰে পৰা লাভ কৰিব বাধ্যতামূলক ছুটী। নিজ পিতৃ-মাতৃৰ লগত কিছু সময় অতিবাহিত কৰিবৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ৬ আৰু ৭ জানুৱাৰীত অতিৰিক্ত নৈমিত্তিক ছুটী মঞ্জুৰ কৰা হৈছে।

ইফালে ৮ আৰু ৯ জানুৱাৰী দ্বিতীয় শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবে চৰকাৰী বন্ধ থাকিব। সেই অনুসৰি মুঠ ৪ টা দিন ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়তে উপস্থিত নাথাকিব গৰিষ্ঠসংখ্যক চৰকাৰী কৰ্মচাৰী।

লগতে পঢ়কঃনিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি নিশা কটন বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

যিসকল কৰ্মচাৰীৰ পিতৃ-মাতৃ জীৱিত হৈ আছে, অথবা শহুৰ-শাহু জীৱিত হৈ আছে তেওঁলোকক এই ছুটী মঞ্জুৰ কৰা হৈছে।

পিছে এই বিশেষ ছুটী লাভ নকৰে চৰকাৰী শিক্ষকসকলে। ৬ আৰু ৭ জানুৱাৰীৰ পৰিৱৰ্তে ১২ আৰু ১৩ জানুৱাৰীতহে বন্ধ লাভ কৰিব চৰকাৰী শিক্ষকসকলে। যাৰ পৰিপ্ৰেক্ষিতত ১২ আৰু ১৩ জানুৱাৰীতহে বন্ধ থাকিব অসমৰ স্কুলসমূহ।

কেৱল শিক্ষকেই নহয়, আৰক্ষী আৰু জৰুৰী সেৱাৰে জড়িত বিভাগসমূহেও নিজৰ নিজৰ বিভাগীয় সুবিধা অনুসৰি কৰ্মচাৰীসকলক বিশেষ ছুটী মঞ্জুৰ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply