গুৱাহাটী: ক’ভিড পৰিস্থিতিৰ বাবে দুটা বছৰৰ বিৰতিৰ পিছত অহা ২২-ৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব অম্বুবাচী মেলা।
কিন্তু এইবাৰ ক’ভিড পৰিস্থিতিৰ বাবে নহ’লেও নেৰানেপেৰা বৰষুণৰ ফলত হ’ব পৰা ভূমিস্খলনক লৈ উদ্বিগ্ন হৈ আছে প্ৰশাসন তথা মন্দিৰ কৰ্তৃপক্ষ।
বতৰৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান কেন্দ্ৰই অম্বুবাচী মেলাৰ বাবে এক বিশেষ আগজাননী জাৰি কৰিছে।
সেই অনুসৰি এই সময়ছোৱাত আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে অম্বুবাচী মেলাৰ প্ৰথম দুটা দিনত (২২ আৰু ২৩ জুন) এজাক বা দুজাক বৰষুণ পৰিব পাৰে।
অৱশ্যে উৎসৱৰ তৃতীয় আৰু চতুৰ্থ দিন দুটাত (২৪ আৰু ২৫ জুন) গাজনি-ঢেৰেকনিৰে বৰষুণ অহাৰ সম্ভাৱনা আছে।
আনহাতে, ধাৰাষাৰ বৰষুণৰ বাবে ভূমিস্খলনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভক্তপ্ৰাণ ৰাইজক পৰাপক্ষত এইবাৰ অম্বুবাচী মেলালৈ নাযাবলৈ পৰামৰ্শ আগবঢ়াইছে।
লগতে পঢ়ক – নগাঁৱত নকল সোণ সহ তিনিজনক আটক